অগপ ৰ পৰা ৫০০ নেতা - কৰ্মী কংগ্ৰেছত যোগদান

 অগপ দলৰ পৰা

 

       বঙাইগাঁও জিলাৰ বালাৰচৰত  আজাহাৰুল ইছলামৰ সভাপতিত্বত কংগ্ৰেছৰ এখন জন সভা অনুষ্ঠিত হয় । অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে ছানোৱাৰ হুছেইনে। সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকি বঙাইগাওঁ জিলা কংগ্ৰেছ সমিতিৰ উপ সভাপতি খোৱাজ উদ্দিন মণ্ডলে কয় সাম্প্ৰতিক সময়ত সকলোয়ে ঐক্যবদ্ধ ভাৱে সমাজ তথা দলৰ হৈ কাম কৰিব লাগিব। সাধাৰণ মানুহৰ বিপদৰ সময়ত কাষত থিয় হৈ সাহক যোগোৱাৰ  লগতে সহায় কৰিব লাগিব।

      এশ এবুৰি সমস্যাৰে জৰ্জৰিত কৃষিপ্ৰধান  অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত বানপানী, গৰাখহনীয়া, ৰাস্তা-ঘাট ভাঙি ছিঙি যোৱাত সমষ্টি বাসীয়ে চৰম দূৰ্ভগ ভূগিছে ।গতিকে আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনত দল, মত নিৰ্বিশেষে ঐক্যবদ্ধ হৈ ৰাইজৰ দূখ যন্ত্ৰণা বুজিব পৰা এজন বিধায়ক নিৰ্বাচিত কৰিব লাগিব। কংগ্ৰেছৰ জনসভাত ভাষণ দিয়ে ক্ৰমে সমাজকৰ্মী ফজৰ আলী, দিলদ্দাৰ গাজী, আলিমুল ইছলাম, আবুল কাশেম, জিয়াৰুল ইছলাম, বিশিষ্ট ব্যৱসায়িক আব্দুৰ ৰহিন, জিয়াৰুল ইছলাম, ছানোৱাৰ হুছেইন, ভুলা নাথ আদি কৰি কেইবাজনো কংগ্ৰেছৰ কৰ্মী। সভাৰ শেষত অভয়াপুৰী উত্তৰ বিধান সমষ্টিৰ অগপ দলৰ নেতা  ইকবাল হুছেইনৰ লগতে কেইবা জন ব্যক্তিৰ নেতত্বত অগপ দলৰ পৰা প্ৰায় পাচঁ শতাধিক নেতা কৰ্মী কংগ্ৰেছ দলত যোগদান কৰে।

     নতুনকৈ অগপৰ পৰা কংগ্ৰেছ দলত যোগদান কৰা সকলোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় বঙাইগাওঁ জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি খোৱাজ উদ্দিন মণ্ডলে ।

Category
Profile picture for user UB Photos