গোলাঘাটৰ বৃদ্ধি ক’ভিড-১৯ ত মৃত্যুৰ সংখ্যাৰ / সতৰ্কতা অৱলম্বন কৰা নাই জনসাধাৰণে

জনসাধাৰণে

         সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ ভাইৰাছে গোলাঘাটৰ মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ পিছতো জনসাধাৰণে সতৰ্কতা অৱলম্বন কৰা নাই ৷
          গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ ক’ৰুণা আক্ৰান্তহৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে প্ৰাপ্ত তথ্যমতে দেওবাৰ পয্যন্ত যোৰহাট মেডিকেল কলেজত ২৯ : গোলাঘাটৰ ক’ভিড হস্পিটেলত ৮ ডিব্ৰুগড়ৰ মেডিকেল কলেজত ১ আৰু গুৱাহাটী মেডিকেলত ১গৰাকীৰ মৃত্যু হোৱাত ক’ভিড প্ৰতক’ল অনুযায়ী সৎকাৰ কৰা হৈছে ৷ ইয়াৰে ১৫ গৰাকী আৰম্ভণিৰেপৰাই ক’ভিড-১৯ৰ চিকিৎসা কৰি আছিল ৷ এই তথ্য গোলাঘাট জিলা প্ৰশাসনৰ ৷


        জিলাখনত ক’ভিড-১৯ৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা  দেওবাৰ পয্যন্ত ৩১ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ ৰেপিড টেষ্ট আৰু আৰ টি পি চি আৰ যোগে এইসকলৰ ৰোগ চিনাক্ত কৰা হয় ৷ মুঠ এক্টিভ ৰোগীৰ সংখ্যা ৯২৪  গৰাকী হ’ল ৷   মুঠ আক্ৰান্তৰ সংখ্যা ৫০৭০লৈ বৃদ্ধি হ’ল  ৷ এই পয্যন্ত ৪৩৬১ গৰাকী সুস্থৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ ৷  সোমবাৰৰ তথ্য হ’ল মুঠ আক্ৰান্ত ৫১৮৫ গৰাকী ; পজিটিভ ৰোগী ১১৩ আৰু এক্টিভ ৬৮২ গৰাকী ৷ ইয়াৰে ৪৪৭৫ গৰাকী সুষ্ঠ ৰোগী ঘৰলৈ যাবলৈ দিয়া হয় ৷

Category
Profile picture for user UB Photos