নতুন চিন্তা আৰু আদৰ্শৰ প্ৰতীক হৈ পৰা কোন এই দুৰ্গেশ্বৰ শৰ্মা

নতুন চিন্তা আৰু আদৰ্শৰ প্ৰতীক হৈ পৰা কোন এই দুৰ্গেশ্বৰ শৰ্মা


 

      সভ্যতাৰ ক্ৰমবিকাশ আৰু আধুনিকতাৰ বতাহত লাগি হেৰাই গৈছে তাহানিৰ ঐতিহ্যবাহী পৰম্পৰাগত খেল বিলাক। এটা সময়ত খেলা - ধূলাৰ মাজেৰেই শৈশৱ কৈশোৰ কাল পাৰ হৈছিল গ্ৰামাঞ্চলৰ শিশুৰ। আধুনিক সভ্যতাৰ বতাহ আৰু কালৰ বিৱৰ্তনত ইতিহাস হল সেই পৰিবেশ। সকলোটকৈ অধিক পৰিবৰ্তন আহিল কৰোণা কালত । ক'ভিড নামৰ অতিমাৰীয়ে মানৱ জাতিক ডিজিটেল পৃথিৱীৰ বহতীয়া কৰি তুলিলে। সদায়ে শিশু কৈশোৰ কালত ম'বাইল আসক্তৰ বিৰোধী তা কৰি অহা পিতৃ - মাতৃয়ে  বাধ্যতামূলক ভাৱে শিশু ৰ হাতত তুলি দিছে এনৰইদ ম'বাইল। কাৰণ অনলাইন শিক্ষাৰ জড়িয়তে কোনোবাই গুগল ,ঝুম বা হোৱাটছ এপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক পাঠদান কৰাইছে। কিন্তু সম্পূৰ্ণ দিনটো অনলাই ক্লাছ কৰি ক্লান্ত শিশু সকলৰ মানসিক আৰু শাৰীৰিক  বিকাশৰ কাৰণে কি কৰিব ? ইয়াৰ উত্তৰ বিচাৰি এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে একক প্ৰচেষ্টাত আৰম্ভ কৰিলে এটা  যোগ কেন্দ্ৰৰ। যিটো যোগ কেন্দ্ৰ এতিয়া ১২ খন গাঁৱৰ বাবে আদৰ্শ কেন্দ্ৰ হৈ পৰিছে। 

       কেতিয়াবা   সৰু সৰু মানুহৰ ডাঙৰ চিন্তাই  দৃষ্টি আকৰ্ষণ কৰি আহিছে সমাজ সচেতন লোকৰ। তাৰে মাজত এই ব্যক্তি জনৰ নামো উল্লেখ কৰিব পাৰি। নগাঁও চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ কৰৈয়ণি বামুন গাঁৱৰ বাসিন্দা দুৰ্গেশ্বৰ শৰ্মা।তেওঁ জনস্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । কভিড কালত সমাজ জীৱন স্তব্ধ হৈ পৰা সময়ত দুৰ্গেশ্বৰ শৰ্মাই গাঁৱৰ শিশু সকলক লৈ কৰিলে এটা সুন্দৰ চিন্তা। বিদ্যালয় বন্ধ, অনলাইন ক্লাছ। তাৰপাছত শিশু সকলে কি কৰিব ? গাওঁ খনৰ নামঘৰৰ চৌহতে আৰম্ভ কৰিলে এটি যোগ কেন্দ্ৰৰ। প্ৰথমে নিজৰ গাঁৱৰ শিশু সকল আৰু পাছলৈ কৰৈয়ণি বাৰখন গাঁৱৰ বহু কেইজন শিশুৱে হাত উজান দিলে শৰ্মাৰ এই চিন্তাত। কেন্দ্ৰটোত প্ৰতিদিনে শিশু সকলক লঘু আহাৰ ব্যৱস্থাৰ যোগান ধৰিলে নগাঁও মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ কান্ত শইকীয়াই।  শৰ্মাৰ এই যোগকেন্দ্ৰ আজি শিশু ৰ পৰা বৃদ্ধ লৈকে সকলোৰে বাবে আদৰ্শ কেন্দ্ৰ হৈ পৰিছে। শৰ্মাই নিজৰ কষ্টোপাৰ্জিত ধনেৰে অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা চলাই নিছে কেন্দ্ৰটো।

      দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  প্ৰশিক্ষণ প্ৰাপ্ত শিশু সকলে প্ৰদৰ্শন কৰে যোগ বিদ্যাৰ। দুৰ্গেশ্বৰ শৰ্মাই আঁতধৰা সভাখনিতে শিশু সকলৰ মানসিক শ্ৰীবৃদ্ধিৰ বাবে একোটাকৈ কিতাপৰ টোপোলা প্ৰদান কৰে। সভাখনিত উপস্থিত থাকে প্ৰাক্তন অধ্যাপক গুণ কান্ত শইকীয়া, হীৰেন গোস্বামী, শুভৰাম শইকীয়া,পংকজ বৰা আৰু মানিক বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

Category