বি টি চিত এইবাৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ-পিয়ুজ হাজৰিকা

 বি টি চিত এইবাৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ-পিয়ুজ হাজৰিকা

     যি কোনো অংকৰ বিনিময়ত বি টি চিত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ৷ দুই এখন আসন কম হলেও সেইবিলাক মিলিযাব বুলি মন্তব্য ৰাজ্যিক মন্ত্ৰী পিয়ুজ হাজৰিকাৰ ৷ 
      বাক্সা জিলাৰ বাগানপাৰা বি টি চি পৰিষদীয় সমষ্টিৰ বি জে পিৰ প্ৰাৰ্থী আৰতী বৰদলৈৰ নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰি মন্ত্ৰী পিয়ুজ হাজৰিকাই বি টি চি নিৰ্বাচনত 20 ৰ পৰা 22 খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি স্পষ্ট কৰি দিয়ে ৷ প্ৰৱল বৰষুনৰ মাজতো ৰাইজ ওলাই অহাটোৱে বি জে পিৰ প্ৰতি ৰাইজৰ আকৰ্ষন বৃদ্ধি পোৱাটো প্ৰমান কৰা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

      বি জে পিয়ে বিগত সময়ত কৃষকক সাহাৰ্য, গৰীৱ ৰাইজৰ কাৰনে কেবাটাও গুৰুত্বপূৰ্ণ আচনি লোৱাৰ কথা সদৰি কৰে মন্ত্ৰী পিয়ুজ হাজৰিকাই ৷  আছুৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলে দুই - আঢ়ৈ হাজাৰ ভোটট সীমাবদ্ধ হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই বি পি এফৰ লগত মিত্ৰতা থকাৰ কথা উল্লেখ কৰি মিত্ৰতাৰ মাজতো বি জে পি য়ে বি টি চিত নিৰ্বাচনত অৱতীৰ্ন হৈ চৰকাৰ গঠন কৰা হব বুলি তেও কয় ৷ 

     ইফালে কৰনা সংক্ৰমনৰ পাচতো বৃহৎ জনসমাগম হোৱা বুলি মন্তব্য কৰি পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত নজৰ ৰাখিব বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুজ হাজৰিকাই ৷

   কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোট বন্ধনৰ পাচতো কংগ্ৰেছীয়ে কংগ্ৰেছক ভোট নিদিব বুলি কয় মন্ত্ৰী পিয়ুজ হাজৰিকাই ৷
 সভাত বিজেপি নেত্ৰী ৰেখাৰানী দাস বড়োকে ধৰি কেবাগৰাকী বিজেপি নেতা উপস্থিত থাকে ৷

Category