অপৰাধীৰ ৰম্যভূমিত পৰিণত বাক্সা  /১৫ বছৰীয়া কিশোৰীক ধৰ্ষন কৰি হত্যা

অপৰাধীৰ ৰম্যভূমিত পৰিণত বাক্সা

    কিমান জঘন্য হব পাৰে জীৱশ্ৰেষ্ঠ মানুহ ৷ মানৱতাক ভুলুণ্ঠিত কৰা  কিশোৰীক  ধৰ্ষন কৰি হত্য কৰা জঘন্য ঘটনাই জোকাৰি গৈছে বাক্সা জিলা ৷

      বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত ১নং সোনাপুৰত সংঘটিত হৈছে এনে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। মাতৃহাৰা কিশোৰী গৰাকীৰ পিতৃ এজন দিন হাজিৰা কৰা লোক ৷ ঘৰত পিতৃ আৰু কন্যা ৰিখাং ব্ৰহ্ম দুয়ো থাকে অকলে ৷ পিতৃয়ে আন দিনাৰ দৰে দেওৱাৰেও গৈছিল হাজিৰা কাম কৰিবলৈ ৷ সন্ধিয়া কামৰ পৰা ঘুৰি আহি তেজেৰে লুতুৰি পুতুৰি হৈ মজিয়াত পৰি থকা দেখে  কণ্যাক ৷ লগে লগে ওচৰ চুবুৰিয়াক খৱৰ কৰি আৰক্ষীক অবগত কৰে সমগ্ৰ ঘটনা ৷ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ক্ষতবিক্ষত হৈ মজিয়াত পৰি  থকা  কণ্যা ৰিংখাংক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষনা কৰে ৷ 

ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো দুষ্ট লোকে ধৰ্ষন কৰি হত্যা কৰাৰ অভিযোগ কৰে পিতৃ আৰু আত্মীয়ই ৷ 

  এগৰাকী ১৫বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে হানখুচি  হত্যা কৰা ঘটনাই চাঞ্চল্য ৰ সৃষ্টি কৰিছে সমগ্ৰ বাক্সাত ৷
     উল্লেখ্য যে কিশোৰীগৰাকীৰ বৰমাৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু কিশোৰীগৰাকীৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিছিল যুৱকজন ৷ কিন্তু কোনে কি কাৰনত এগৰাকী ১৫ বছৰীয়া কিশোৰীক হানিখুচি হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তত  পোহৰলৈ আহিব ৷

Category
Profile picture for user UB Photos