ডেনিয়েল বনাম দেৱলাল/ যিকোনো মুহূৰ্ততে সলনি হ'ব বিজেপিৰ CEM

যিকোনো মুহূৰ্ততে সলনি হ'ব বিজেপিৰ CEM

 

     উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য পুৰ্ণেন্দু লাংথাছা আৰু কাৰ্যবাহী সদস্য নিন্দু লাংথাছাৰ হত‍্যাই যেন খেদি ফুৰিছে পৰিষদখনৰ বৰ্তমানৰ মুখ‍্য কাৰ্য্যবাহী সদস্য দেৱলাল গৰ্লোচাক। প্ৰাক্তন মন্ত্ৰী প্ৰয়াত গোবিন্দ লাংথাছাৰ পুত্ৰ স্বায়ত্ব পৰিষদৰ প্ৰাক্তন cem পুনেন্দ্ৰু লাংথাছা আৰু নিন্দু লাংথাছাৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগৰ বাবে বতৰ্মান  CEM দেৱলাল গালোচাক দিছপুৰে সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও ইতিমধ্যে তেওঁৰ বিৰুদ্ধে আদালতত আৰক্ষীয়ে পাঁচ খনকৈ দাখিল কৰিলে চাৰ্ছচিড।যাৰ বাবে যিকোনো সময়তে চি ই এম সলনি সম্ভাৱনা ঘৰ্নীভূত  হৈ পৰিছে আৰু এই সম্পৰ্কীয় যাবতীয় ফাইল মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰিত কৰাৰ পিচতে ৰাজভৱনলৈ পঠিয়াব পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

    এনে ক্ষেত্ৰত  বিজেপি নেতৃত্বাধীন পৰিষদ খনৰ নতুন CEM হোৱাৰ দিশে আগবাঢ়িছে বিজেপিৰ মাহুৰ সমষ্টিৰ পৰিষদীয় সদস্য ৰাহুল নাইডিং।দুজন মনোনিত সদস্য সহ ৩০জনীয়া স্বায়ত্ব শাসিত পৰিষদ খনত বিজেপিৰ সদস্য সংখ্যা ২৫ । উল্লেখ্য যে পাবত্য জিলা ডিমা হাচাওত এসময়ত উগ্ৰপন্থী কাৰ্যকলাপেৰে সন্ৰাস সৃষ্টি কৰা নিৰঞ্জন হোজাই,জুয়েল গালোচা আৰু  দেৱলাল গালোচা তিনিওৱে পৰৱতী সময়ত আত্মসমৰ্পণ কৰি স্বাভাৱিক জীৱন যাপন কৰিছিল।তদুপৰি তিনিও পৰিষদৰ  নিৰ্বাচনত অৱৰ্তীণ হৈ  CEM হয়।কিন্তু পূৰ্বৰ বিভিন্ন হত্যাকাণ্ড আৰু অপৰাধ মূলক কাৰ্যকলাপৰ বাবে নিৰঞ্জন হোজাই,জুয়েল গালোচা ইতিমধ্যে কাৰাবন্দী হৈ আছে।

     শেহতীয়াকৈ এওঁলোকৰে সংগী হোৱাৰ দিশে ক্রমাৎ অগ্ৰসৰ হৈছে বৰ্তমান বিজেপিৰ নেতৃত্বাধীন পৰিষদ খনৰ CEM দেৱলাল গাৰ্লোচা। ডিমা হাচাও জিলাৰ সদৰ হাফলং জিলা পুথিভঁৰালত বহু দিনৰ মুৰত  উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মংগলবাৰে নিশালৈকে অনুস্থিত হোৱা  অধিবেশন খন উত্তপ্ত কৰি তোলে বিৰোধী সদস্যই। চি ইএম দেৱলাল গৰ্লোচাক থকা সৰকা কৰে প্ৰয়াত নিন্দু লাংথাছাৰ পুত্র পৰিষদৰ হাফলং সমষ্টিৰ পৰা নিৰ্বাচিত সদস্য তথা এমএচি ডেনিয়েল লাংথাছাই।

      তেওঁ FEM গাৰ্লোচাক উদ্দেশ্য কৰি কয় যে "আপুনি এটা সাংবিধানিক পদত থকাৰ পিছত অৰ্থাৎ চিইএম হোৱাৰ পিছতো স্বাধীনতা দিৱসৰ দিনা  হাফলঙত ডিমাছা ভাষাত দিয়া ভাষণত যেতিয়া কৈছিল পুৰ্ণেন্দু-নিন্দু লাংথাছাক মই হত্যা কৰিছিলোঁ কিয়নো তেওঁলোকে অনা-ডিমাছাক সমষ্টি দিছিল। আপোনালোকে কিয় এনেকুৱা কথা কয়!এইবোৰ সিদ্ধান্ত কি এজন-দুজন মানুহৰ মতে হয় নেকি?এইটো সিদ্ধান্ত ৰাইজৰ দ্বাৰা নিৰ্বাচিত স্বায়ত্ব পৰিষদখনৰ কাৰ্যকৰী বডিয়ে লোৱা এক সিদ্ধান্ত আৰু এইবোৰ কথা যদি ৰাজহুৱাকৈ কয় তাকো স্বাধীনতা দিৱসৰ ভাষণত তেতিয়া আমাৰ নৱপ্ৰজন্মই সাম্প্ৰদায়িক ঘৃণাৰ মনোভাৱ পোষণ নকৰিব নেকি ?"

       চিইএম গৰ্লোচাই পুৰ্ণেন্দু লাংথাছা আৰু নিন্দু লাংথাছা হত্যাকাণ্ডৰ ন‍্যায্যতা প্ৰদান কৰিবলৈ গৈ যোৱা বছৰ ১৫ আগষ্টৰ দিনা দিয়া ভাষণৰ ওপৰত মংগলবাৰে সদনত  সৰৱ হৈ এনেদৰে  নিন্দুপুত্ৰ ডেনিয়েলে দেৱলাল গৰ্লোচাক  জবাবদিহি কৰে।

      ডেনিয়েল লাংথাছাই গৰ্লোচাক আবেগিক হৈ প্ৰশ্ন কৰে "যদি মোৰ পিতৃ বা পুৰ্ণেন্দু লাংথাছাৰ হত‍্যা অকল ডিমাছা জাতিৰ বাহিৰেও অন্যান্য জাতিক দিয়া সমষ্টিৰ কাৰণে কৰিছে তেনেহলে দেৱলাল  কি অকল ডিমাছা ৰাইজৰহে মুখ্য কাৰ্য্যবাহী নেকি?"।এনেদৰে মংগলবাৰৰ পৰিষদৰ অধিবেশন খনৰ পৰিবেশ দিছপুৰে গুৰুত্ব সহকাৰে লৈছে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে। যিকোনো মুহূৰ্ততে CEM দেৱলাল গাৰ্লোচা গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰি দিছপুৰে নতুন CEM ৰ বাবে ৰাহুল নাইডিংৰ নাম মনোনিত কৰিছে বুলি জানিব পৰা গৈছে।
 

Category