কেতিয়াৰ পৰা খুলিব শিক্ষানুষ্ঠান/ গাইডলাইন প্ৰকাশেৰে ২০ আগষ্টৰ ভিতৰত বিছাৰিলে মতামত

বিছাৰিলে

      সমগ্ৰ বিশ্বৰ লগতে ভাৰততো  কৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশত পাঁচমাহ যোৰা লকডাউনৰ বাবে বন্ধ আছিল সকলো শিক্ষানুষ্ঠান। লকডাউনৰ বাবেই শিক্ষানুষ্ঠান সমূহৰ পাঠদান দীৰ্ঘদিন ধৰি ব্যাহত হৈ পৰাত  এক প্ৰকাৰ স্থবিৰতা আহি পৰিছিল শিক্ষা ব্যৱস্থাথ।

     শেহতীয়াকৈ ৰাজ্যখনৰ কৰ'ণা কেন্দ্ৰীক পৰিবেশৰ কিছু স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে পহিলা ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান সমূহ খোলাৰ যা-যোগাৰ চলাইছে।সেই অনুসৰি শিক্ষা বিভাগে যুগুত কৰি উলিয়াইছে কেতবোৰ গাইড লাইন। চৰকাৰৰ প্ৰস্তাৱিত গাইড লাইন অনুসৰি সকলো শিক্ষাৰ্থী শিক্ষা গ্ৰহণ বাধ্যতামূলক নহয়।যি সকল শিক্ষাৰ্থীয়ে অনানুষ্ঠানিক শিক্ষাৰ পাঠদানত অংশ লবলৈ বিচাৰে তেওঁ লোকে শিক্ষানুষ্ঠানৰ মুৰব্বীক অবগত কৰিব লাগিব ।
      তদুপৰি সকলোৱে মুখত মাস্ক আৰু তিনি ফুট দূৰত্ব বতাই ৰাখি পাঠদানত ভাগলব পাৰিব ।আনহাতে বিদ্যালয়ৰ- মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ২৩আগষ্টৰ পৰা ৩০আগষ্টৰ ভিতৰত ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক ।একেদৰে প্ৰতিখন শিক্ষানুষ্ঠান ১৫ দিনৰ মুৰে মুৰে চেনিটাইজ কৰিব লাগিব । অৱশ্যে প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে কোনো পাঠদান নহ'ব। ইয়াৰ বিপৰীতে পঞ্চম মানৰ পৰা অষ্টম মান শ্ৰেণীলৈকে আৰম্ভ হ'বলগীয়া পাঠদানৰ স্থানসমূহ সংশ্লিষ্ট এলেকাৰ স্থানীয় সমাজ সচেতন লোকৰ সৈতে পঞ্চায়ত কৰ্তৃপক্ষৰ দ্বাৰা পৰিষ্কাৰ কৰাব লাগিব। একেদৰে পূৰ্বৰ দৰে অনলাইন ক্লাছসমূহ অব্যাহত থাকিব ।

      নতুন গাইড লাইন অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজনৰ ৰেচন বিতৰণৰ সময়তে শিক্ষানুষ্ঠানত সমূহৰ প্ৰধান  শিক্ষকে প্ৰশ্নকাকতসমূহ বিতৰণ কৰিব। শিক্ষাৰ্থী সকলে উল্লেখিত প্ৰশ্নৰ উত্তৰ বহীসমূহ অভিভাৱকৰ জৰিয়তে বিদ্যালয়ত জমা দিব।এই উত্তৰ বহী সমূহ   শিক্ষক সকলে বিদ্যালয়লৈ আহি মূল্যাৱন কৰিব। আনহাতে পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ অনুষ্ঠিত হ'বলগীয়া পাঠদান সমূহ আৰম্ভ কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ মুৰব্বী য়ে  সংশ্লিষ্ট এলেকাৰ প্ৰাথমিক- মজলী,সমহীয়া ভৱন,গ্ৰাম্য পুথিভঁৰাল আৰু মুকলি স্হান আদি বাচনি কৰিব।ছাত্ৰ- ছাত্ৰী সকলৰ এই চাৰিটা স্হানত পাঠদান কৰাবৰ বাবে চৰকাৰী-বেচৰকাৰী, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক,টেটে উত্তীৰ্ণ শিক্ষক, জ্যেষ্ঠ ছাত্ৰ বা অন্য খ্যাতী সম্পন্ন লোকক আমন্ত্ৰণ কৰিব।

     অৱশ্যে এনে ক্ষেত্ৰত নিজৰ বিদ্যালয়ৰ পৰ্যাপ্ত শিক্ষক থাকিলে আনৰ পৰা আমন্ত্ৰণ কৰিব নালাগে ।পাঠদানৰ কালছোৱাত বিদ্যালয়ত সকলো শিক্ষক উপস্থিত থাকিব লাগিব ।পাঠদানৰ বাবে শিক্ষাৰ্থী সকলৰ মাজৰ পৰা ১৫ জনীয়া গোট গঠন কৰিব লাগিব ।প্ৰতিটো গোটৰ পাঠদানৰ সময় ৯০মিনিটৰ পৰা১২০মিনিট।একেদৰে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান বিদ্যালয় ভিতৰত হ'ব।অৱশ্যে পাঠদান লোৱাৰ ক্ষেত্ৰত যদি বিদ্যালয়ৰ পৰা বহু দূৰত শিক্ষাৰ্থী জনৰ ঘৰ তেন্তে তেনে শিক্ষাৰ্থীয়ে সংশ্লিষ্ট এলেকাৰ শিক্ষানুষ্ঠান সমূহতে পাঠদানৰ সুবিধা পাব।বিদ্যালয়ৰ মুৰব্বীয়ে এই শিতানৰ শিক্ষাৰ্থী সকলকো ১৫ জনীয়া গোট গঠন কৰি স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে পাঠদান কৰাব।নৱম শ্ৰেণীৰ পাঠদান প্ৰতি সপ্তাহৰ সোম আৰু শুক্রবাৰে পুৱা ৯বজাৰ পৰা দুপৰীয়া ১২বজালৈ অনুস্থিত হোৱাৰ বিপৰীতে মংগল, বুধ আৰু বৃহস্পতি আৰু শনিবাৰে পুৱা ৯বজাৰ পৰা দুপৰীয়া ১২বজালৈ দশম শ্ৰেণীৰ  পাঠদান আৰু দিনৰ ১ৰপৰা ৪বজালৈ একাদশ শ্ৰেণীৰ পাঠদান সোম আৰু শুক্রবাৰে হ'ব।

     আনহাতে মংগল,বুধ,  বুহস্পতি আৰু শনিবাৰে ১বজাৰ পৰা আবেলি ৪বজালৈ দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব।পাঠদানৰ ৰুটিন সমূহ শিক্ষানুষ্ঠান সমূহৰ মুৰব্বীয়ে প্ৰস্তুত কৰিব।এনে ক্লাছ সমূহ প্ৰতিটো শ্ৰেণীৰ বাবে ৪৫ মিনিটকৈ হ'ব।উল্লেখ্য যে এই গাইড লাইন মহাবিদ্যালয় সমূহৰ ক্ষেত্ৰটো প্ৰযোৰ্য হ'ব। শিক্ষা বিভাগৰ আয়ুক্ত- সচিব প্ৰীতম শইকীয়া স্বাক্ষৰিত প্ৰকাশ কৰাএই গাইড লাইন  সন্দৰ্ভত  সাধাৰণৰাইজ,অভিভাৱক,শিক্ষাবিদ  আৰু ছাত্ৰ- ছাত্ৰীক ২০আগষ্টৰ ভিতৰত মতামত বিছাৰি ৰাজহুৱা জাননী জাৰি কৰিছে।

Category
Profile picture for user UB Photos