ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত ২৮ বছৰে উপবাস এগৰাকী মহিলাৰ

ৰাম মন্দিৰ নোহোৱা পৰ্যন্ত ২৮ বছৰে উপবাস এগৰাকী মহিলাৰ

   অৱসান  ঘটিল  দশকজোৰা অপেক্ষাৰ।

       আজি ঐতিহাসিক ৰাম মন্দিৰৰ ভূমিপূজন । আৰু এই বহু আকাংক্ষিত ক্ষণৰ বাবে অধিৰ আগ্ৰহেৰে ৰৈ আছিল  ৰাম ভক্ত সকল। এই সকলৰ ভিতৰত এনে এগৰাকী ভক্ত যিগৰাকীয়ে  সুদীৰ্ঘ ২৮ বছৰে উপবাসে থাকি দাঙি ধৰিছে ভগবানৰ প্ৰতি শ্ৰদ্ধাৰ বিৰল নিদৰ্শন।  

     মধ্য প্ৰদেশৰ জব্বলপুৰৰ এগৰাকী মহিলা।  তেওঁৰ নাম উৰ্মিলা চতুৰ্বেদী।১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখৰ পৰা অনাহাৰে আছে মহিলাগৰাকী। যেতিয়ালৈকে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নহয় তেতিয়ালৈকে ফলমূল খায়েই জীয়াই থকাৰ সংকল্প লৈছিল তেওঁ। আৰু ২৮ বছৰীয়া দীঘলিয়া আপেক্ষাৰ অন্তত পদৰ্পন এই শুভক্ষণৰ।

      কিন্তু এইগৰাকী ৰামভক্তই মহামাৰী কোৰোনা ভাইৰাছৰ বাবে মন্দিৰৰ ভূমি পূজনৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও তেওঁ জীৱনৰ বাকী কালছোৱা অযোধ্যাতে কটাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁৰ মতে তেওঁৰ ব্ৰত কেৱল অযোধ্যাতহে ভাঙিব।

Category
Profile picture for user UB Photos