শিক্ষামন্ত্ৰীৰ আশ্বাসত সন্তুষ্ট নহয় ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সমাজ

শিক্ষামন্ত্ৰীৰ আশ্বাসত সন্তুষ্ট নহয় ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সমাজ

 

               ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই অহৰহ চেষ্টা চলাই আহিছে ।চলিত মাহৰ ১০ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত  চৰকাৰৰ মতামত স্পষ্ট কৰিবৰ বাবে সন্থাই দাবী জনাইছিল । কিন্তু যোৱা সংবাদ মেলত  শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই পুনৰ ডেৰমাহ সময় লোৱা সন্দৰ্ভত একেবাৰেই সন্তুষ্ট আৰু আশ্বস্ত হোৱা নাই বুলি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই  এক বিবৃতিৰ জৰিয়তে মত প্ৰকাশ কৰিছে । অহা পোন্ধৰ আগষ্ট তাৰিখে ৰাজ্যৰ বেতন বঞ্চিত সকলো শিক্ষকৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গইও  চাকৰি নিয়মীয়াকৰণ হোৱাৰ এটা বহুদিনীয়া আশা পুহি ৰাখিছিল যদিও যোৱাকালি বিত্তমন্ত্রীৰ সংবাদ মেলৰ পাছত  সকলোৰে সেই আশা পুনৰ ধূলিস্যাৎ হৈ গ'ল বুলি  ক্ষোভ উজাৰিছে শিক্ষক সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা শ্ৰী হেমকান্ত সন্দিকৈয়ে ।

      উল্লেখ্য এই সকল শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত  বিগত দিনত গণতান্ত্রিক প্ৰক্ৰিয়াৰে বহু আন্দোলনৰ কার্যসূচী ও গ্ৰহণ কৰি আহিছিল। ২০১৮ চনৰ  পোন্ধৰ আগষ্টৰ পূৰ্বে  সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্তৰ নেতৃত্বত লখিমপুৰ  আৰু শিৱসাগৰ জিলাত আমৰণ অনশনৰ দৰে চৰম কাৰ্যসূচী গ্ৰহণ কৰিছিল বেতন বঞ্চিত শিক্ষক সমাজে । উক্ত সময়ত লখিমপুৰ জিলাত বৰ্তমানৰ শাসকীয় দলৰ মন্ত্রী শ্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু শিৱসাগৰ জিলাত মন্ত্রী শ্ৰী কেশৱ মহন্তই শিক্ষক সকলক সাক্ষাৎ কৰি দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰাৰ  আশ্বাস প্রদান কৰিছিল ।

       কিন্তু দুটা মাহ বাদেই যোৱা ২০১৯ চনৰ পোন্ধৰ আগষ্টতো চাকৰি নিয়মীয়াকৰণ নহল আৰু এই বৰ্ষৰ পোন্ধৰ আগষ্টৰ ভিতৰতো নোহোৱাটো খাটাং । চলিত বর্ষৰ কিছু দিনৰ পূর্বে  বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাজিৰা ভ্রমণৰ সময়ত মাত্র দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্রদান কৰিছিল, তাৰ পাছত চলিত বর্ষৰ জুন মাহত শিৱসাগৰ আৱৰ্ত ভৱনতো পুনৰ দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস দি যোৱা কালি  পুনৰ ডেৰমাহ সময় লোৱাৰ  কথাটো অতি হাস্যকৰ আৰু ব্যংগত্মক বুলি  অভিহিত কৰিছে সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে । 
       বিগত কংগ্রেছ চৰকাৰৰ দিনতে উদ্ভৱ হোৱা  শিক্ষা বিভাগৰ বাবে এই দীর্ঘদীনিয়া সমস্যাটো বৰ্তমানেও সমাধান কৰিব নোৱাৰাটো কংগ্রেছ আৰু বিজেপি দুয়োখন চৰকাৰৰ এক চৰম ব্যর্থতা বুলি  অভিহিত কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে । বৰ্তমানৰ শিক্ষামন্ত্রী গৰাকীয়েই বিগত কংগ্রেছ চৰকাৰৰ দিনতো শিক্ষামন্ত্রীৰ দায়িত্ব আছিল, তেতিয়াৰ দিনটো তেখেতে আশ্বাস প্রদান কৰিছিল আৰু বৰ্তমানেও আশ্বাস দিয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে । সমাধানৰ নামত তেতিয়াও বহু বাৰ তদন্ত কৰা হ'ল, বৰ্তমানৰ চৰকাৰেও তদন্ত কৰিলে ,তদন্তৰ  প্ৰতিবেদনো প্ৰস্তুত কৰা বছৰ পাৰ হ'ল, আনহাতে চৰকাৰৰ হাতত মাত্র কেইটামান দিন বাকী আছে তেনে ক্ষেত্রত কি কাৰণত বিষয়টো পাছলৈ থেলি আছে ,কি কাৰণে সমস্যাটো  চৰকাৰে জীয়াই  ৰাখিব বিচাৰিছে  --এনে বহু  প্ৰশ্ন উত্থাপন হৈছে শিক্ষক তথা শিক্ষক পৰিয়ালৰ মাজত। 
          সম্পূর্ণ নীতিগতভাৱে নিযুক্তি গ্রহণ কৰি বুনিয়াদী প্ৰশিক্ষণ,জি.পি.এফ.,চাৰ্ভিচ বুক আদি সকলো সুবিধা লাভ কৰি এসময়লৈকে সম্পূর্ণ বেতন লাভ কৰা শিক্ষকসকলক বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰি চৰকাৰ তথা শিক্ষা বিভাগে চৰম অন্যায় কৰাৰ অভিযোগো উত্থাপন কৰিছে শিক্ষক সন্থাই ।
.        

      সম্পূর্ণ নীতিগতভাৱে নিযুক্তি  লাভ কৰা শিক্ষক সকলক  অবৈধ আৰু অতিৰিক্ত শিক্ষকৰ আখ্যা দি চৰকাৰে দীর্ঘদীন ধৰি মানসিক ভাবে নিৰ্যাতন চলাই অহা কাৰ্য কোনোপধ্যেই গ্রহণযোগ্য নহয় । একেটা শিক্ষা বিভাগে নিযুক্তি প্রদান কৰি পুনৰ সেই একেটা শিক্ষা  নিযুক্তি  অবৈধ বুলি  বাৰম্বাৰ  তদন্তৰ নামত তদন্ত কৰা কথা  ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত  উল্লেখ আছে বুলি কটাক্ষ কৰে সম্পাদক নেওগে ।  ইয়াৰোপৰি অসমত যদি সঁচাই অতিৰিক্ত আৰু অবৈধ শিক্ষক নিযুক্তি দিয়া হৈছিল তেন্তে কোন চৰকাৰৰ কোন কোন শিক্ষা বিষয়াৰ তত্ত্বাৱধানত হৈছিল, এই সন্দৰ্ভত অসম চৰকাৰে বৰ্তমানলৈকে কি কি তদন্ত কৰিলে, কোনজন শিক্ষামন্ত্রী, মুখ্যমন্ত্রী তথা  শিক্ষা বিষয়াক    
এনে অবৈধ নিযুক্তিৰ বাবে কঠোৰ শাস্তি প্রদান কৰিলে এই প্ৰশ্নৰ উত্তৰ আছেনে  চৰকাৰৰ ওচৰত  !,কেৱলমাত্ৰ  নিমাখিত শিক্ষক সকলক  চৰকাৰে বাৰেপতি প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে ।       
         তাৰোপৰি ১৫/১৬ বছৰ বয়সতে নিযুক্তি লাভ একাংশ শিক্ষকক  শিক্ষা বিভাগে বৰ্তমানেও নিয়মীয়াকৈ বেতন দি আহিছে, যিটো  বিষয় কিছু দিনৰ পূর্বে বাতৰি কাকতত  ডাঙৰ ডাঙৰ আখেৰৰে তথ্য সহকাৰে প্ৰকাশ পাইছিল ।আজি  এইসকল শিক্ষকৰ ক্ষেত্রত চৰকাৰ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন হৈছে বিদ্বৎ সমাজৰ মাজত ।

.      সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই  বিষয়টো সন্দৰ্ভত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক পুনৰ বিবেচনা কৰি অহা ১৫ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত  মতামত আগবঢ়াবৰ বাবে অনুৰোধ জনোৱাৰ লগতে এক দাবী জনাইছে ।
ইয়াৰ অন্যথা ১৫ আগষ্টৰ পিছতেই শিক্ষক সমাজ একত্রিত হৈ  বিভিন্ন দল-সংগঠনৰ উপস্থিতিত এক নাগৰিক অভিবৰ্তন আয়োজনৰ লগতে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি  এলানি কাৰ্যসূচী গ্ৰহণ বুলি সন্থাই বিবৃত্তি যোগে অবগত কৰিছে।
 

Category
Profile picture for user UB Photos