হাতী মানুহৰ সংঘাত/ বনৰীয়া হাতীৰ আক্ৰমণত নিহত ১

তামুলপুৰত

     বাক্সা জিলাৰ তামুলপুৰত হাতী মানুহৰ ভয়াবহ সংঘাত। তামুলপুৰত হাতীৰ গছকত প্ৰাণ গল এজন কৃষকৰ।

      কুমাৰীকাটা বনাঞ্চলিক কার্যলায়ৰ অধীনস্থ ১ নং ডোঙাৰগাঁওৰ ৰামপুৰত পুৱতি নিশা পাহাৰত পৰা নামি অহা এটা প্ৰকাণ্ড হাতীয়ে অঞ্চলটোত ত্ৰাস চলাই থকাৰ সময়তে বাল্টি নৈত গৰু এৰাল দিব যোৱাৰ সময়তে এটা অকলশৰীয়া বন্য হস্তীৰ মুখামুখী হোৱাত থিতাতে নিহত মঙ্গল কিস্কু নামৰ এজন লোক ।

     জানিব পৰা মতে লোক জনক বনৰীয়া হাতীয়ে ভৰিৰে মুহাৰীৰ ফলতেই মৃত্যু মুখত পৰে মংগল কিস্কু নামৰ লোকজনক।

       অঞ্চলটোত দীৰ্ঘ দিনে অব্যাহত হাতী মানুহৰ সংঘাত। বৰ্তমান শোকাকূল পৰিৱেশে বিৰাজ কৰিছে কৰিছে মংগলৰ বাসগৃহত। কান্দোনত ভাঙি পৰিছে পৰিয়াল,আত্মীয় তথা গাঁওবাসী। উপস্থিত হৈছে নাগ্ৰীজুলি আৰক্ষী তথা কুমাৰীকাৰ বন বিভাগৰ লোক।

Category
Profile picture for user UB Photos