অন্ধ্ৰ প্ৰদেশৰ জাহাজ নিৰ্মাণ কাৰখানাত অঘটন/ ১১জন মৃত্যু, ১আহত

১১জন মৃত্যু, ১আহত

       দুৰ্ঘটনাই যেন লগ নেৰা হৈছে বন্দৰ নগৰী বিশাখাপট্টনম । চলিত কেইটামান মাহত ইটোৰ পিছত সিটো ঘটনাত সম্প্ৰতি ট্ৰেজেদী নগৰীলৈ পৰিগণিত হৈছে মহানগৰ খন।

      ঈদৰ অনুষ্টুপীয়া আনন্দ উলাহৰ মাজতে শনিবাৰে বিশাখাপট্টনমৰ প্ৰতিষ্ঠিত জাহাজ নিৰ্মাণ কাৰখানা' Hindustan Shipyard Ltd ত সংঘটিত এক ক্রেন দুৰ্ঘটনাত নিহত হয় ১০ জনকৈ লোক।আহত হয় ১জন।জাহাজ,চাৱমেৰিন আৰু জাহাজ মেৰামতিৰ কাৰখানাটোত বিয়লী ভাগত কেইবাজনো কৰ্মচাৰীয়ে এডাল ওখ ক্রেনত উঠি কেবুল সংযোজনৰ কামত ব্যস্ত হৈ থকাৰ সময়তে হঠাতে বৃহৎ ক্রেনডাল বাগৰি পৰে।ফলত ক্রেনত থকা আৰু তলত কাম কৰি থকা দহজনকৈ কৰ্মচাৰী থিতাতে নিহত হোৱাৰ বিপৰীতে আহত  হয় এজন।

      আহত জনক ততাতৈয়াকৈ বিশাখাপট্টনম স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।আনহাতে ক্রেনৰ তলত আৱদ্ধ সকলক উদ্ধাৰকাৰী দলে উপস্থিত হৈ উদ্ধাৰ কৰে।ইতিমধ্যে ঘটনাস্হলীত বিশাখাপট্টনম মহানগৰ আৰক্ষী আয়ুক্ত আৰ,কে,মেনা উপস্থিত হৈ পৰিবেশৰ তদাৰক কৰে। আৰক্ষী শীৰ্ষ  বিষয়া জনে জানিব দিয়া মতে ক্রেনৰ এই দুৰ্ঘটনাত ১০জন নিহত হয় যদিও আৰু হতাহত হোৱা নাই।আনহাতে মুখ্যমন্ত্ৰী জগমোহনে ক্রেন দুৰ্ঘটনাত নিহত হোৱা সকলৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে  আহতৰ আশু আৰোগ্য কামনা কৰে।তদুপৰি এই ঘটনা সন্দৰ্ভত এক তদন্তৰ ঘোষণা কৰে।

Category
Profile picture for user UB Photos