ভূমি পূৰ্জনত প্ৰসাদ হিচাপে অৰ্পন ১,১১,০০০টা লাডু/ যুদ্ধকালীন তৎপৰতাৰে চলিছে পেকেজিং

পেকেজিং

       সকলো জল্পনা-কল্পনাৰ অন্তত ৫ আগষ্টত ঐতিহাসিক অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূৰ্জনৰ আনুষ্ঠানিকতা  সম্পন্ন হ'ব। ভূমি পূৰ্জনত প্ৰসাদ হিচাপে অৰ্পন কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে প্ৰায় ১,১১,০০০টা লাডু। এই লাডু সমুহ প্ৰস্তুত কৰিব অযোধ্যাৰ দেৱৰাজ হংস বাবা সংস্হান নামৰ ধাৰ্মিক অনুষ্ঠানটোৱে।

       উল্লেখ্য যে অযোধ্যাৰ মণিৰাম দাস আশ্ৰমতে প্ৰস্তুত কৰি থকা  এই লাডুৰ এটা অংশ শ্ৰীৰামচন্দ্ৰলৈ আগবঢ়োৱাৰ বিপৰীতে কিছু অংশ দেশৰ বিভিন্ন স্থানত থকা মুল মন্দিৰ সমূহলৈ প্ৰেৰণ কৰা হ'ব।ভূমি পূৰ্জনৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ হাতে এই লাডু শ্ৰীৰামচন্দ্ৰৰ শ্ৰীচৰণত আগবঢ়াব বুলি জানিব পৰা গৈছে। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস সমিতিৰ সভাপতি গৰাকীয়ে সদৰি কৰা ভতে যোৱা ৪ দিন ধৰি প্ৰস্তুত কৰা লাডু সমূহৰ পেকেজিং যুদ্ধকালীন তৎপৰতাৰে চলি আছে।

      সভাপতি গৰাকীয়ে জানিব দিয়া মতে এই ভূমি পূৰ্জনত ভাগ ল'বৰ বাবে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতকে ধৰে কেন্দ্ৰীয় চৰকাৰৰ অধিকাংশ মন্ত্ৰী উপস্থিত থকাৰ কথা।ৰাম জন্মভূমি ভূমি পূৰ্জন অনুষ্ঠান পোনপতিয়া সম্প্ৰচাৰৰ বাবে উত্তৰ প্ৰদেশ বিজেপি শাখাই ৰাজ্যখনত বিভিন্ন স্হানত স্হাপন কৰিছে বিশাল এল ই ডি স্ক্রীণ ।

    একেদৰে দেশৰ ৰাজধানী দিল্লীৰো বিভিন্ন অঞ্চলৰ ৭০ স্হানত প্ৰকাণ্ড এল ই ডি স্ক্রীণ লগোৱাৰ ব্যৱস্থা কৰিছে। ভূমি পূৰ্জনত  দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অংশ গ্ৰহণৰ বাবে গেৰুৱা দলটোৱে  ৰাজসীক প্ৰচাৰৰ দিহা কৰিছে।

Category
Profile picture for user UB Photos