সমাগত বিধানসবা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধী।
অহা ১৮ ফেব্ৰুৱাৰী অসমলৈ আহিব সাংসদ প্ৰিয়ংকা গান্ধী।১৮ ফেব্ৰুৱাৰীৰ দিনৰ ১১.৩০ বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী
জানিব লওক আহক প্ৰিয়ংকা গান্ধী। দুদিনীয়া ভ্ৰমণসূচীৰ কাৰ্যসূচী। ৰাজীৱ ভৱনত ১১.৩০ বজাৰ পৰা ১২ বজালৈ নিৰ্বাচনী সমিতিৰ বৈঠকত অংশ ল'ব প্রিয়ংকা গান্ধীয়ে । তাৰ পিছত তেওঁ ১২ বজাৰ পৰা ১২.৪৫ বজালৈ অংশ ল'ব প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত । ইপিনে দিনৰ ১২ বাজি ৪৫ মিনিটৰ পৰা ১ বাজি ৪৫ মিনিটত তেওঁ অসমৰ নিৰ্বাচনী কমিটীৰ ৫ গৰাকী অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হ'ব । ইয়াৰ পিছত দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কংগ্ৰেছৰ সকলো বিধায়কৰ সৈতে পৃথকে পৃথকে বৈঠক কৰিব। লগতে সন্ধিয়া ৫ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰদেশ কংগ্ৰেছৰ ৩৫ জিলা কমিটীৰ সভাপতিৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হ'ব । নিশা ৯ বজাৰ পৰা নিশা ১০ বজাত বিৰোধী দলপতিৰ সৈতে বৈঠকত অংশ ল'ব প্ৰিয়ংকা গান্ধীয়ে।
১৯ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাৰ পৰা ১১ বজালৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব । ইয়াৰ পিছত দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ তেওঁ সাংসদসকলৰ সৈতে বৈঠকত অংশ ল'ব । দিনৰ ১২ বজাৰ পৰা বিয়লি ২ বজালৈ তেওঁ কংগ্ৰেছৰ বিভিন্ন বিভাগ আৰু কোষৰ অধ্যক্ষ সকলৰ সৈতে বৈঠকত মিলিত হ'ব । ইয়াৰ পিছত বিয়লি ২.১০ বজাত তেওঁ ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদলৈ যাব ।
মানৱেন্দ্ৰ শৰ্মা চৌহদত তেওঁ বিয়লি ২.৩০ বজাৰ পৰা ৪.৩০ বজালৈ বি চি চিৰ সভাপতি আৰু এ পি চি চিৰ বিষয়ববীয়াৰ সৈতে বৈঠকত বহিব । তাৰ পিছত বিয়লি ৫.৩০ বজাত তেওঁ গুৱাহাটীৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব ।
- Log in to post comments