"এতিয়ালৈ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা নাই। কিছু সময় বিচাৰিছো": ভূপেন বৰা

bhupen borah

কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভূপেন বৰাই।

দলৰ পৰা পদত্যাগ কৰাৰ পাছতেই ভূপেন বৰাক দলত ৰাখিবলৈ চেষ্টা কংগ্ৰেছৰ। ভূপেন বৰাৰ বাসগৃহত ৰুদ্ধধাৰ বৈঠক জিতেন্দ্ৰ সিঙৰ। এই ৰুদ্ধদ্বাৰ বৈঠকৰ পাছতে সংবাদমেল সম্বোধৰ কৰে জিতেন্দ্ৰ সিং,গৌৰৱ গগৈ আৰু ভূপেন বৰাই।

সংবাদমেলত ভূপেন বৰাই কয়, এতিয়ালৈ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা নাই। কিছু সময় বিচাৰিছো। পৰিয়ালৰ সৈতে কথা পাতি আজি নিশা বা কাইলৈ পুৱা চূড়ান্ত সিদ্ধান্ত জনাম। লগতে কয় যে- স্ৱাভিমান-আত্মসন্মানক লৈ কেতিয়াও আপোচ কৰা নাই। দলীয় মঞ্চত গুৰুত্বহীন হৈ পৰিছিলোঁ সেইবাবে মই পদত্যাগ পত্ৰ দিছিলোঁ। 

Category