স্বাধীনতাৰ ৭০বছৰ পিছতো নিৰ্মাণ নহ'ল শুক্লাই নদীৰ দলং

শুক্লাই নদীৰ দলং

    স্বাধীনতাৰ সত্তৰ বছৰ  পিছতো শুক্লাই নদীৰ  এখন দলংৰ অভাৱত জৰ্জৰিত জনসাধাৰণ ।  বছৰ বছৰ ধৰি 
ওদালগুৰিৰ উন্নয়নৰ মুখ নেদেখা এটা অঞ্চলৰ জনসাধাৰণৰ দুখ দুৰ্দশা ।

বিটিচি ৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী  শুক্লাই নদীত এখন দলংৰ অভাৱত বছৰ বছৰ ধৰি যান্ত্ৰণা ভুগি আহিছে বহুকেইখন গাঁৱৰ জনসাধাৰণে । স্বাধীনতাৰ সত্তৰ বছৰ পিছতো ওদালগুৰি জিলাৰ বৃহৎ শুক্লাই নদীত এখন দলংৰ অভাৱত জৰ্জৰিত হৈ আহিছে জনসাধাৰণ। বছৰ  বছৰ ধৰি বিভিন্ন চৰকাৰ‌ে শাসন তথা ৰাজত্ব চলাই আহিছে ঠিকেই কিন্তু আজিলৈকে চকুত নপৰিল ওদালগুৰি জিলাৰ এই অঞ্চলৰ বৃহৎ শুক্লাই নদীৰ দলংখন।
        সোতৰ বছৰ শাসনকালত থকা  এসময়ত বিটিচি ৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজেই আহি ৰাইজক প্ৰতিশ্ৰুতি দি গৈছিল যদিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল । ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী বাদলাপাৰা , টাংকীবস্তী, নালাপাৰা ,ৰজাগড়ৰ পৰা আৰম্ভ কৰি ডিমাকুছি সংযোগী পথত থকা শুক্লাই নদীত দলং নিৰ্মাণ নোহোৱা বাবে জীয়াতু ভুগি আহিছে জনসাধাৰণে ।   প্ৰতি বছৰে বাৰিষা কালত শুক্লাই নদীত পানীৰে উপচি পৰাৰ ফলত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল কৰ্মচাৰী আদি সকলোৱে নদীত পাৰ হ'বলৈ নোৱাৰে । তথাপিও কিন্তু সকলো দেখি শুনিও কুম্ভকৰ্ণ নিদ্ৰাত পৰি আছে বিটিচি চৰকাৰ‌ অসম চৰকাৰ , বাৰে বাৰে কৈ অহা সত্তেও আজিলৈ             এখন দলংৰ অভাৱ ত ওদালগুৰি জিলাৰ বাদলাপাৰা , টেংকি বস্তি , ৰজাগড়, নালাপাৰা , ডিমাকুছি বাসী ৰাইজ । বেমাৰী কঢ়িয়াই নিবলৈ এখন ১০৮ যাব নোৱাৰে এই নদীত বাৰিষা । সেয়েহে অতি শীঘ্ৰে এই ঠাইত এখন দলং নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Category