দিহিং পাটকাই বন্য প্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ!

 দিহিং পাটকাই বন্য প্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ

কৰ'ণাতংকৰ মাজতে অসমৰ বাবে এটা ভাল খৱৰ।

      দিহিং পাটকাই বন্য প্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে।সোমবাৰে গুৱাহাটীত বন বিভাগৰ উচ্চপদস্হ বিষয়াৰে অনুস্থিত হোৱা গুৰুত্বপূৰ্ণ  বৈঠকত মুখ্যমন্ত্ৰীয়ে দিয়ে এই নিৰ্দেশ।

     উল্লেখ্য যে ১ জুনত পৰিবেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে দিহিং পাটকাই বন্য প্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ লগতে  বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণাৰ বাবে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ ।

Category