
সেউজী ধৰণী কৰাৰ লক্ষ্যেৰে চৰকাৰৰ বন বিভাগে প্ৰত্যেক বছৰৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈকে বন মহোৎসৱ উদযাপৰ দ্বাৰা বিশ্ব ভাৰসাম্য ৰক্ষা কৰিবলৈ গছপুলি ৰোপন কৰি আহিছে। এইবাৰ মহামাৰী ক'ভিডৰ বাবে সামাজিক দূৰত্ব পালন কৰি বন বিভাগে পালন কৰিছে ৭১ সংখ্যক বন মহোৎসৱ।
ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত বিভিন্ন ঠাইত বন বিভাগে গছ পুলি ৰোপন কৰি সেউজী ধৰণী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আজি খোৱাঙত ঐতিহাসিক মৰিয়া আলি দুয়োপাৰে গছপুলি ৰোপন কৰে।খোৱাং আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ বন বিভাগৰ উদ্যোগত অনুষ্ঠিত এই গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈয়ে।
উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বন বিষয়া প্ৰদ্যুত্ত বৰুৱা আৰু খোৱাং আৰক্ষী থানাৰ বিষয়া নৱজিৎ দাস।বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্য্যালয় অন্তৰ্গত বিভিন্ন স্থানত চলি থকা অবৈধ কাঠফলা মিলসমূহ বন্ধ কৰিবলৈ বন বিভাগক আহ্বান জনায়।ডিব্ৰুগড জিৰা বন বিষয়া প্ৰদ্যুত্ত বৰুৱাই এই অবৈধ মিলসমূহ আৰু অবৈধ বালি খনন কাৰ্য বন্ধ কৰিব বুলি জনায় ।
বন বিষয়া গৰাকীয়ে বন বিভাগত বৰ্তমান বনকৰ্মী অভাৱ বুলি কৈ সাংবাদিকৰ সহায় বিচাৰে। আনহাতে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্য্যালয় বন বিভাগে অবৈধভাৱে চলি থকা কাঠফলা মিল সমূহৰ ক্ষেত্ৰত বন বিভাগ জড়িত নহয় বুলি দায় সৰা মন্তব্য কৰে।
- Log in to post comments