নেপালত অব্যাহত ৰাজনৈতিক অস্থিৰতা/প্ৰধানমন্ত্ৰী অলীৰে বৈঠক প্ৰচণ্ড

নেপালত অব্যাহত ৰাজনৈতিক অস্থিৰতা

 

      চুবুৰীয়া হিমালয়ান ৰাষ্ট্ৰ নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলীৰ পদত্যাগৰ দাবীৰ উদ্থাপনেৰে লৈ চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেওবাৰে শাসনাধিষ্ট কমিনিউষ্ট পাৰ্টি অৱ নেপালৰ মুৰব্বী পুস্প কমল দাহাল প্ৰচণ্ডই প্ৰধানমন্ত্ৰীৰে মিলিত হয় এক আলোচনাত ।

      প্ৰধানমন্ত্ৰী অলীৰ বালুৱাটাৰা স্হিত বাসভৱনত দেওবাৰে পুৱা ভাগত উপস্থিত হয় দাহাল । কিন্তু বৈঠকত ওলোৱা নাই কোনো সমাধান সূত্ৰ । দুয়োজন নেতাৰ মাজত পুনৰ দ্বিতীয়লানি বৈঠক বহাৰ সম্ভাৱনা আছে ।উল্লেখ্য যে পুস্প কমল দাহালে  ইয়াৰ পূৰ্বে দেশখনৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভান্দাৰীৰেও  মিলিত হৈছিল এক বৈঠকত।স্মতব্য যে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্য উত্তৰাখণ্ডৰ কালাপানী সহ তিনি বৃহৎ  অঞ্চল নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে নেপালী সংসদত  উত্থাপনত সক্রিয় ভূমিকা  লৈছিল প্ৰধানমন্ত্ৰী অলীয়ে।

নেপালত অব্যাহত ৰাজনৈতিক অস্থিৰতা

      যাৰ বাবে ইয়াকে লৈ নেপালৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কত মেলে ফাট ।অলীৰ শেহতীয়া ভাৰত বিৰোধী স্হিতিক লৈ ক্রমাৎ নেপালৰ ৰাজনৈতিক মহলৰ সমান্তৰালকৈ জনতাৰ  মাজত বৃদ্ধি পাই ক্ষোভৰ অগ্ৰণী।প্ৰধানমন্ত্ৰী অলীৰ নিজ দল কমিনিউষ্ট পাৰ্টিৰ সভাপতি পুস্প কমল দাহাল প্ৰচণ্ড সহ আন দুই প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ লগতে দলৰ অধিকাংশ জ্যেষ্ঠ নেতা অলীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।পৰিস্থিতি এনে পৰ্যায় পাই যে প্ৰধানমন্ত্ৰীৰ পদত্যাগ  দাবী তোলে সকলোৱে ।

       আনহাতে  ৰাজপথত জনতাৰ অলী বিৰোধী উত্তাল প্ৰতিবাদী মিছিল বাহিৰ হয়।  চীনৰ বোকোচাত উঠি প্ৰধানমন্ত্ৰী অলীয়ে ভাৰত বিৰোধী স্হিতি লোৱা বুলি অভিযোগ তোলে অধিকাংশ নেপালী জনতাই।এনেবোৰ বাদ- বিসম্বাদৰ মাজতে দেওবাৰে পুস্প কমল দাহাল প্ৰচণ্ড আৰু প্ৰধানমন্ত্ৰী কে পি অলীৰ মাজত অনুষ্ঠিত বৈঠকে দেশখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষ তাৎপয্য বহন কৰিছে।

Category