বিশ্বৰ বৃহত্তম ক'ভিড হাস্পতাল মুকলি দিল্লীত

বিশ্বৰ বৃহত্তম ক'ভিড হাস্পতাল মুকলি দিল্লীত

বিশ্বৰ বৃহত্তম ক'ভিড হাস্পতাল মুকলি দিল্লীত l

      ক'ভিড মহামাৰীত ককবকাই  থকা দেশৰ ৰাজধানী দিল্লীত মুকলি কৰা হ'ল বিশ্বৰ ভিতৰত সৱবৃহৎ ক'ভিড হাস্পতাল। ১০ হাজাৰ বিচনাযুক্ত চৰ্দাৰ পেটেলসহ  ক'ভিড কেয়াৰ চেন্টাৰ এণ্ড হাস্পতাল দিল্লীৰ ছাটাৰপুৰৰ ৰাধাস্বামী সৎসংগ বীচ্চত আনুষ্ঠানিকভাৱে দেওবাৰে মুকলি কৰে দিল্লীৰ উপ-ৰাজ্যপাল অনিল বানচালে।

     দক্ষিণ দিল্লী জিলা প্ৰশাসন আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ উদ্যোগত মাত্ৰ ১০ দিনৰ ভিতৰত এই হাস্পতাল নিৰ্মাণ কৰি উলিওৱা হৈছে। উল্লেখ্য যে বিশ্বৰ ভিতৰত বৃহতম ক'ভিড হাস্পতাল খন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল গৃহমন্ত্ৰী অমৃত শ্বাহে।হাস্পতাল খনত  ১০ শতাংশ বিচনাতে আছে অক্সিজেন যোগানৰ সুবিধা।

Category
Profile picture for user UB Photos