ব্ৰহ্মপুত্ৰৰ মাজেৰ চৰ এলেকাত চক্ৰৰ বগলীক ধৰি অন্যান্য প্ৰজাতিৰ পক্ষীক নিধন ।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।এই ঘটনাৰ পাছতে ধুবুৰী আৰক্ষীৰ এটা দলে উক্ত অঞ্চলটোত অভিযান চলাই।
অভিযানত দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইপিনে গ্ৰেপ্তাৰ কৰা লোক দুজন ধুবুৰীৰ আমিনুৰ ৰহমানআৰু কাইফ আলম খণ্ডকাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লোকদুজনৰ পৰা এটা এয়াৰ ৰাইফল জব্দ কৰাৰ লগতে বগলীকে ধৰি ৮ টাকৈ মৃত পক্ষী উদ্ধাৰ কৰিছে। ধুবুৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধুবুৰী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
- Log in to post comments