ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
ৰাজ্যত অবাধে চলি আছে গো ধনৰ চোৰাং সৰবৰাহ বাইহাটা চাৰিআলি আৰক্ষীয়ে পুনৰ জব্দ কৰে গো ধন ভৰ্তি এখন কণ্টেনাৰ বাহন । বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটি তহলদাৰি দলে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে ৪৩টা গৰু ভৰ্তি বাহন খন । ইয়াৰে ৩৯ টা জীৱিত আৰু ৪টা মৃত অৱস্থাত উদ্ধাৰ কৰে ।
গো সৰবৰাহ কৰা বাহন খনৰ নম্বৰ হ'ল এ এছ ০১ এইচ চি ১৯২৯ । লগতে আটক কৰে বকোৰ জাহিদুল আলী নামৰ চালকজনক । খাৰুপেটিয়াৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গোধনসমূহ । জব্দ কৰা গোধন সমূহ পিছত আৰক্ষীয়ে ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত কনিহাস্থিত গো শালালৈ প্ৰেৰণ কৰে । ৰাষ্ট্ৰীয় বজৰং দলে গো ধনৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই ।
- Log in to post comments