মৰ্মান্তিক দুৰ্ঘটনা! ভানৰ খুন্দাত নিহত স্কুলীয়া ছাত্ৰৰ

polashbari

পলাশবাৰীত শোকৱাহত দুৰ্ঘটনা।বাহনৰ খুন্দাত নিহত ছাত্ৰৰ।

প্ৰাপ্ত খবৰ মতে, বিদ্যালয়ৰ ছুটিৰ পাছত মিৰ্জাৰ গোপালপুৰ নিৱাসী নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলখনৰ কাষতে থকা ব্ৰহ্মপুত্ৰ বিবাহ ভৱন সন্মুখৰ পথেৰে এজন বন্ধুৰ সৈতে চাইকেলেৰে গৈ আছিল। সেই সময়তে এখন ভানেৰ প্ৰচণ্ড খুন্দা মাৰে চাইকেলখনত। বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন।সংকটজনক অৱস্থাত ছাত্ৰজনক  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ যে, এই শিক্ষানুষ্ঠানখনৰ প্ৰায় কাষতে আছে ব্ৰহ্মপুত্ৰ বিবাহ ভৱন। বিভিন্ন কাৰ্যসূচী উপলক্ষে এই ভৱনলৈ অহা লোকসকলে এই পথত সঘনাই জধে-মধে পাৰ্কিং কৰি ৰাইজ, পথচাৰী,কাষত থকা দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলোকো এক প্ৰকাৰ বিপাঙত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিয়নো যানবাহন ৰখাৰ তেওঁলোকে কোনো পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন হৈছে।

 ইয়াৰ উপৰি এই পথৰ বহু ঠাইত থকা একাংশ শিক্ষানুষ্ঠান,ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মুখত সঘনাই ৰখা যানবাহনৰ বাবে ৰাইজ তথা পথচাৰীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে যদিও আৰক্ষী প্ৰশাসনে কোনো ব্যবস্থা গ্রহণ নকৰাৰ অভিযোগ আহিছে।

Category