গহপুৰ আৰক্ষীৰ বিশেষ সফলতা। অবৈধ মাৰণাস্ত্ৰসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।
আজি পুৱতি নিশা গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰৰ নেতৃত্বত গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শশধৰ কলিতা, উপ পৰিদৰ্শক মনোজ পাঠক,কাব্যশ্ৰী বৰাৰ সহযোগত গহপুৰ আৰক্ষীয়ে এক অভিযান চলাই।
গহপুৰ আৰক্ষীয়ে চলোৱা অভিযানত সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাৰিটা পিষ্টল আৰু চাৰিটা মেগজিনসহ চাৰিজন অৰুণাচলী যুৱকক গ্ৰেপ্তাৰ কৰে।লগতে অস্ত্ৰ সৰবৰাহত তেওঁলোকে ব্যৱহাৰ কৰা এ আৰ ১৫ ৩৬১৫ নম্বৰৰ চুজুকী ফ্ৰংক্স গাড়ী এখনো জব্দ কৰে। আৰক্ষীৰ অভিযানকাৰী দলটোৱে।জব্দ কৰা পিষ্টল চাৰিটাৰ ভিতৰত এটা পিষ্টল(৭.৬৫ এম এম) ৰাছিয়া(নং ০৮১৫)ত নিৰ্মিত বুলি জানিব পৰা গৈছে।
ধৃত অৰুণাচলী যুৱক চাৰিজন ক্ৰমে অৰুণাচল প্ৰদেশৰ কুৰুং কামে জিলাৰ চাংগৰাম আৰক্ষী থানাৰ অন্তৰ্গত হিবা গাঁৱৰ হিবা ভায়(২৫),হিবা ডানিয়েল(১৮),পাৰ্ছি পাৰ্লো আৰক্ষী থানাৰ অন্তৰ্গত পাডো গাঁৱৰ ডংগদা চাগিট(২৯) আৰু ক্ৰা ডাদি জিলাৰ তালী আৰক্ষী থানাৰ অন্তৰ্গত লিনডাম গাঁৱৰ কন লিনডাম(২৩) বুলি জানিব পৰা গৈছে।
- Log in to post comments