মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ সুনেত্ৰা পাৱাৰৰ

Sunetra Pawar Oath Ceremony

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী।হিচাপে শপত গ্ৰহণ সুনেত্ৰা পাৱাৰৰ ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত লোকভৱনত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সুনেত্ৰা পাৱাৰে ৷

উল্লেখ্য যে, বুধবাৰে এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল অজিত পাৱাৰৰ।অজিত পাৱাৰৰ আকস্মিক মৃত্যুৰ পিছত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদ খালী হৈ পৰে। সেই খালী পদ পূৰণৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতেই বিধান ভৱনত অনুষ্ঠিত বৈঠকত নেচনেলিষ্ট কংগ্ৰেছ দলৰ নেতাসকলে সৰ্বসন্মতিক্ৰমে সুনেত্ৰ পাৱাৰক দলীয় নেতা হিচাপে নিৰ্বাচিত কৰে আৰু ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু অজিত পাৱাৰৰ মৃত্যুৰ মাত্ৰ তিনিদিন পিছত শনিবাৰে সুনেত্ৰ পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ 

Category