আজি পবিত্ৰ 'মে ডাম মে ফী'। প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় 'মে-ডাম-মে-ফী'৷ টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে ৷ ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে ৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷
উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে।
পূৰ্বৰ পৰম্পৰাৰ প্ৰতি আন্তৰিক শ্রদ্ধা জনাই, দেশ আৰু জাতিৰ মংগল কামনা কৰি আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদাম থলীত এদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী আয়োজন কৰা হৈছে ৷
আটাছুৰ ছৗকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মৈদাম প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু টাই পৰম্পৰাগত ৰীতিনীতিয়ে বান-ফি পূজাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব৷ আনহাতে চৰাইদেউ লাংকুৰি ৰাজবাৰী সমীপতে থকা অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চুকাফা মৈদাম প্ৰাংগণতো সদৌ কোঁৱৰ বংশাৱলীৰ উদ্যোগত মে-ডাম-মে-ফী উদযাপন কৰা হব ৷
এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, পৰম্পৰাগত ডাম- ফিকে ধৰি মুকলি সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷
- Log in to post comments