আজি টাই আহোমৰ পৰম্পৰাগত উৎসৱ ‘মে-ডাম-মে-ফী’

Ahoms Observe Me-Dam-Me-Phi Today

আজি পবিত্ৰ 'মে ডাম মে ফী'। প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় 'মে-ডাম-মে-ফী'৷ টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে ৷ ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে ৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷

উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে।

মে-ডাম-মে-ফীৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।

উল্লেখ্য যে, প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘’ফী’’ক উপাসনা কৰে। এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়।

Category