যাত্ৰীবাহী ট্ৰেভেলাত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ;নিহত ২জন,আহত ১৭জন

sribhumi news

শ্ৰীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন যাত্ৰী গুৰুতৰভাৱে আহত ১৭ জন লোক। শনিবাৰে পুৱা প্ৰায় ৬ বজাত শ্ৰীগৌৰী এলেকাত সংঘটিত হয় এই কৰুণ ঘটনাটো।

জানিব পৰা মতে, তীব্ৰবেগী এখন ডাম্পাৰে এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাছক খুন্দা মাৰে ফলত বাছখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ পিছত ডাম্পাৰ চালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় লোকে জব্দ কৰে ডাম্পাৰখন।। দুৰ্ঘটনাত জড়িত ডাম্পাৰখনৰ নম্বৰ TR-05-H-1738 আৰু ট্ৰেভেলাৰখনৰ নম্বৰ AS-10-C-6667 বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাৰ পাছতে স্থানীয় বাসিন্দাসকলে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত এজন যুৱকক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত বদৰপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাকী আহতসকলক উদ্ধাৰ কৰি শ্ৰীগৌৰী চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰিছে।

জানিব পৰা মতে, দুৰ্ঘটনাটোত জড়িত ট্ৰেভেলাৰখনৰ যাত্ৰীসকল কীৰ্তন দলৰ সদস্য আছিল। আহতসকলৰ নামসমূহ হৈছে— ৰীনা মালাকাৰ (৩৭), সজল মালাকাৰ (২৮), ৰঞ্জিতা মালাকাৰ (৩০), প্ৰদীপ ৰায় (৭), বীৰেন্দ্ৰনাথ তালুকদাৰ (৫৫), ৰন্দিৰ দাস (৫০), প্ৰণৱ ৰায় (৩০), মনোষ ৰায় (৪৫), চন্দন দে (৪৪), কৃষ্ণ সূত্ৰধৰ (৩৬), সুপ্ৰান দাস (৪৪), লিপিকা দাস (৫১), সুমতী বিশ্বাস (৩০), আতিঅলি দাস ৰায় (৩০), প্ৰদীপ ৰায় (১২), পম্পাম ৰায় (৪২) আৰু মনীষা বিশ্বাস (১১)।


 

Category