উৰুকাৰ আনন্দৰ মাজতে মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

mukalmua accident

উৰুকাৰ আনন্দৰ মাজতে মুকালমুৱাৰ টেঘেৰীয়াট্টাৰীত ভয়াৱহ পথ দুৰ্ঘটনা মুকালমুৱা-নলবাৰী সংযোগী পথৰ টেঘেৰীয়াট্টাৰীত এখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহনৰ মাজত সংঘটিত পথ দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। 

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত লোককেইজনক ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱাই যদিও গুৰুতভাৱে আহত এজনক প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে জিএমচিএইডলৈ প্ৰেৰণ কৰে। 

চাৰিচকীয়া বাহন খনৰ মহিলাযাত্ৰী পিঞ্জিৰা (৫৫) আৰু বাইক আৰোহী জনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।। দুৰ্ঘটনাত পতিত দুচকীয়া বাহনখনৰ নম্বৰ AS 14 R 2679 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 01DF 9254 বুলি জানিব পৰা গৈছে
 

Category