মাঘ বিহু, যাক ভোগালী বিহু বুলিও কোৱা হয়, অসমীয়াৰ তিনিটা প্ৰধান বিহুৰ অন্যতম আৰু ই পুহ মাহৰ শেষত তথা মাঘ মাহৰ আৰম্ভণিতে উদযাপন কৰা হয়। শীতকালৰ শেষ পৰ্যায়ত শস্য চপোৱা সম্পূৰ্ণ হোৱাৰ পিছত কৃষক সমাজে প্ৰাচুৰ্য আৰু স্বস্তিৰ অনুভৱেৰে এই উৎসৱ পালন কৰে। “ভোগালী” শব্দটোৰ অৰ্থ হৈছে ভোগ বা উপভোগ, যিয়ে বছৰজুৰি কৰা কঠোৰ পৰিশ্ৰমৰ ফল একেলগে আনন্দৰে উপভোগ কৰাৰ ভাব প্ৰকাশ কৰে। এই বিহু মূলতঃ কৃষিভিত্তিক অসমীয়াৰ জীৱনধাৰাৰ প্ৰতিফলন, য’ত প্ৰকৃতি, খেতি আৰু মানৱ জীৱন এক সূত্ৰত বান্ধ খাই থাকে।
মাঘ বিহু উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে সফল শস্য উৎপাদনৰ বাবে প্ৰকৃতিক কৃতজ্ঞতা জনোৱা আৰু আগন্তুক দিনৰ বাবে সুখ-শান্তি তথা সমৃদ্ধিৰ কামনা কৰা।

লোকবিশ্বাস অনুসৰি এই সময়ছোৱাত সূৰ্য্যৰ উত্তৰায়ণ আৰম্ভ হয়, যাক শুভ সংকেত হিচাপে গণ্য কৰা হয়। অগ্নিপূজা আৰু মেজি জ্বলাই দুখ-দুৰ্ভাগ্য, অশুভ শক্তি দগ্ধ কৰি নতুন আশাৰ সূচনা কৰাৰ বিশ্বাসো এই উৎসৱৰ লগত জড়িত। সেয়ে মাঘ বিহু কেৱল আনন্দৰ উৎসৱ নহয়, ই আধ্যাত্মিক বিশ্বাস আৰু সামাজিক মূল্যবোধৰ লগত গভীৰভাৱে সম্পৰ্কিত।

মাঘ বিহুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্ব হৈছে উৰুকা, যি উৎসৱৰ আগদিনাৰ নিশা পালন কৰা হয়। এই নিশা গাঁৱৰ পথাৰ, নৈৰ পাৰ বা চোতালত বাঁহ, খেৰ আৰু কলপাতৰে ভেলাঘৰ সাজি সকলো একেলগে ৰান্ধি-খায়। উৰুকাৰ ভোজত ধনী-দুখীয়া, ডাঙৰ-সৰুৰ ভেদাভেদ নাথাকে; সকলো একে লগতে বহি আহাৰ গ্ৰহণ কৰে আৰু উৰুকাৰ আনন্দ উপভোগ কৰে। এই পৰ্বই অসমীয়াৰ সামাজিক ঐক্য, ভাতৃত্ববোধ আৰু সহযোগিতাৰ মনোভাৱ সুস্পষ্টভাৱে প্ৰকাশ কৰে।

মাঘ বিহুৰ পুৱা মেজি জ্বলাই অগ্নিদেৱতাক পূজা কৰা হয়। মেজিত পিঠা-পনা, চিৰা, আখৈ, তামোল-পাণ আদি আগবঢ়াই পৰিয়ালৰ মংগল, সুস্বাস্থ্য আৰু সমৃদ্ধিৰ কামনা কৰা হয়। কিছুমান অঞ্চলত মেজিৰ ছাই পথাৰত ছটিয়াই উৰ্বৰতা বৃদ্ধিৰ বিশ্বাসো আছে। মেজিৰ আগুনে যেন পুৰণি দুখ-কষ্ট জ্বলাই পেলাই নতুন বছৰৰ বাবে আশাবাদী মনোভাৱ সৃষ্টি কৰে।
মাঘ বিহু বিশেষভাৱে খাদ্যৰ উৎসৱ হিচাপে পৰিচিত। এই সময়ত তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা, টেকেলি পিঠা, তিল বা নাৰিকলৰ লাৰু, চিৰা, আখৈ, গুৰ, কুঁহিয়াৰৰ ৰস আদি নানান পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। লগতে মাছ, হাঁহ আৰু মাংসো উৎসৱৰ খাদ্যত গুৰুত্বপূৰ্ণ স্থান লয়। এই খাদ্যসমূহ কেৱল স্বাদেই নহয়, শীতকালত শৰীৰক প্ৰয়োজনীয় শক্তি যোগোৱাৰ ক্ষেত্ৰতো উপকাৰী বুলি ধৰা হয়।

আগৰ দিনত মাঘ বিহুৰ উদযাপন আছিল সহজ, গাঁৱকেন্দ্ৰিক আৰু সম্পূৰ্ণভাৱে সামূহিক। সকলো খাদ্য ঘৰতে প্ৰস্তুত কৰা হৈছিল আৰু লোকগীত-নৃত্য স্বাভাৱিকভাৱে উৎসৱৰ অংগ আছিল। আজিৰ সময়ত যদিও নগৰীয়া অঞ্চলত ক্লাব, সংঘ আৰু এপাৰ্টমেণ্টত সংগঠিতভাৱে উদযাপন কৰা হয়, আধুনিক মঞ্চ, পোহৰ আৰু সামাজিক মাধ্যমৰ প্ৰভাৱ পৰিছে, তথাপিও মাঘ বিহুৰ মূল আত্মা আজিও অটুট। সময় সলনি হ’লেও ভোগালী বিহুৱে আজিও অসমীয়াক ভাগ-বতৰা, কৃতজ্ঞতা আৰু একেলগে আনন্দ উদযাপনৰ শিক্ষা দি আহিছে।
- Log in to post comments