ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাদীৰ দেহাৱসান ৷ মঙলবাৰে পুৱা ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।
শাৰীৰিক অসুস্থতাৰ বাবে পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কালমাদী ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা প্ৰায় ৩:৩০ বজাত শেষনিশ্বাস ত্যাগ কৰে ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ কালমাদীয়ে ।
পুনেৰ প্ৰাক্তন সংসদ তথা ৰে’ল বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী কালমাদীয়ে ইহ-সংসাৰত পত্নীৰ সহিতে বিবাহিত পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিত কন্যা, জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়। ।
জানিব পৰা মতে, সুৰেশ কালমাদীয়ে ১৯৪৪ চনৰ ১ মে’ত জন্মগ্ৰহণ কৰিছিল । পুনেৰ ছেইণ্ট ভিনচেণ্ট হাইস্কুল আৰু পুনেৰ ফাৰ্গুচন কলেজৰ পৰা তেওঁ শিক্ষা গ্ৰহণ কৰিছিল । ১৯৬০ চনত তেওঁ নেশ্যনেল ডিফেন্স একাডেমীত যোগদান কৰে ।
সুৰেশ কলমাদী কংগ্ৰেছ শাসনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আছিল । তেওঁ ক্ৰীড়াৰ সৈতেও জড়িত আছিল ৷ সেয়েহে তেওঁক ক্ৰীড়া প্ৰশাসক হিচাপেও পৰিচিত । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ কাৰ্যকালত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
- Log in to post comments