সুদীৰ্ঘ ডেৰ মাহৰ পাছত মানব সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ এজন লোক; প্ৰকৃততে কি হৈছিল লোকজনৰ লগত সকলো বিৱৰি ক’লে…

Human Trafficking

সুদীৰ্ঘ ডেৰ মাহৰ পাছত বাংলাদেশৰ মানব সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ হ’ল হোজাইৰ এজন লোক। উদ্ধাৰ হোৱা লোকজন দক্ষিন দেৱস্থানৰ কামাল উদ্দিন ।

ডেৰমাহ মান পূৰ্বে কাম দিয়াৰ চলেৰে কামাল উদ্দিন নামৰ লোকজনক দুই লাখ টকাৰ বিনিময়ত মানব সৰবৰাহকাৰী চক্ৰই বাংলাদেশৰ আন এটি চক্ৰত বিক্ৰী কৰাৰ অভিযোগ ।অকল মানব সৰবৰাহেই নহয় চক্ৰটোৱে নিয়মিতভাবে বাংলাদেশৰ চক্ৰটোক চুৰি গাড়ী,ড্ৰাগছ আদি যোগান ধৰাৰো অভিযোগ

এই কামাল উদ্দিনক বালাদেশী চ্ক্ৰটোৰ হাতত গতাই দি স্থানীয় চক্ৰটোৱে দুই লাখ টকা আগধন হিচাপে লৈছিল ড্ৰাগছ অথবা চুৰি গাড়ী তেওঁলোকক যোগান ধৰিলে এই লোকজনক এৰি দিয়াৰ কথা আছিল ।

এমাহ কাল ধৰি সন্ধানহীন হৈ থকা এই কামাল উদ্দিনৰ পৰিয়ালৰ লোক কাষ চাপিছিল দেৱস্থান আৰক্ষীৰ ।

আৰক্ষীয়ে তদন্ত কৰি তিনিজনমান লোকক কৰায়ত্ব কৰি জেললৈ প্ৰেৰন কৰিছিল। বাংলাদেশত কিদৰে এই লোকজনক অকথ্য নিৰ্য্যাতন কৰাৰ লগতে তেওঁ কিদৰে তেওঁ পলাই আহিছে সমগ্ৰ কথা বিৱৰি কয় কেমেৰাৰ সন্মুখত।

লোকজন উদ্ধাৰ হোৱাৰ পাছতেই কিদৰে বাংলাদেশৰ পৰা ভাৰতলৈ কোনো নথি পত্ৰ অবিহনে লোকসকল অহা যোৱা কৰিব পাৰে সেই তথ্যওঁ পোহৰলৈ আহিছে । লগতে ডাউকী সীমান্তত কিদৰে ড্ৰাগছ আৰু চুৰি গাড়ীৰ চোৰাং ব্যৱসায় চলে সেই তথ্যও পোহৰলৈ আহে।

Category