শ্যামকানু মহন্তৰ ১৭৪ পৃষ্ঠাজোৰা লেখ আবেদন;জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন শ্যামকানুৰ

Zubeen Garg

উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল শ্যামকানু মহন্তৰ। জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত শ্যামকানুৰ। মালয়েছিয়াৰ পৰা কৰা হৈছিল শ্যামকানুৰ লেখ আৱেদন। শ্যামকানুৰ লেখ আৱেদনৰ নটাৰী কৰা হৈছিল মালয়েছিয়াত। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদাৰকৰ আহ্বান শ্যামকানুৰ।

১৭৪ পৃষ্ঠাজোৰা এই লেখ আবেদনত জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত অসম আৰক্ষীৰ পৰা হস্তান্তৰৰ অনুৰোধ জনাইছে শ্যামকানুৱে। অসম আৰক্ষীৰ পৰা CBIলৈ গোচৰ হস্তান্তৰৰ আবেদন কৰিছে শ্যামকানু মহন্তই। এই গোচৰত শ্যামকানুৰ পৰিয়ালৰ লোকক কৰায়ত্ত নকৰাৰ বাবেও আহ্বান জনোৱা হৈছে।

লেখ আবেদনত মুখ্যমন্ত্ৰীৰ কথা উল্লেখ কৰিছে শ্যামকানু মহন্তই। মুখ্যমন্ত্ৰীয়ে নেতিবাচক মন্তব্য কৰা বুলি উল্লেখ কৰা হৈছে আবেদনত। সেইবাবেই CIDৰ তদন্তত বিশ্বাস নাই বুলি আবেদন কৰিছে শ্যামকানু মহন্তই। আবেদনত সুশান্ত সিং ৰাজপুতৰ প্ৰসংগ উল্লেখ শ্যামকানুৰ। আবেদনত ৰিয়া চক্ৰৱৰ্তী আৰু বিহাৰ চৰকাৰৰ প্ৰসংগও উল্লেখ কৰিছে মূল অভিযুক্তটোৱে।

আবেদনত মুখ্যমন্ত্ৰীৰ ‘এক্স’ পোষ্টৰ স্ক্ৰীণশ্বটো সন্নিবিষ্ট কৰা হৈছে আবেদনত। লেখ আবেদনত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিও শ্যামকানুৱে গাঁঠি দিয়ে।

অসমত জীৱনৰ প্ৰতি ভাবুকি অহা বুলিও উচ্চতম ন্যায়ালয়ে জনালে শ্যামকানুৱে। সংবাদ মাধ্যম, সামাজিক মাধ্যমযোগে পোৱা ভাবুকিৰ কথা উল্লেখ কৰিছে আবেদনত।

Category