
অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিতীয়টো দিন। শনিবাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত নিশাটো কইনাধৰাত কটায় প্ৰধানমন্ত্ৰী মোদীয়ে। নিশা কইনাধৰাত কটোৱাৰৰ পাছত দেওবাৰে গুৱাহাটীৰ পৰা পোনে পোনে দৰঙত উপস্থিত হয়। প্ৰধানমন্ত্ৰীৰ সৈতে মঙলদৈত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
মঙলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিলে ৬,৩০০ কোটি টকাৰ তিনিটাকৈ অভিলাষী প্ৰকল্পৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিলে দৰং মেডিকেল কলেজৰ আধাৰশিলা। ৫৬৭ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব দৰং মেডিকেল কলেজ। নাৰেংগী-কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰিং ৰোডৰো আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে। ৰিং ৰোড প্ৰকল্পত ব্যয় হ’ব ৪,৫৩০ কোটি টকা।
ইয়াৰ পাছতে দৰঙত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। দৰঙৰ জনসভাত অংশ লৈছে প্ৰায় ডেৰ লক্ষাধিক লোকে। মঙলদৈৰ পৰা পোনে পোনে নুমলীগড়লৈ যায়।
- Log in to post comments