
অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত নিশাটো কইনাধৰাত কটায় প্ৰধানমন্ত্ৰী মোদীয়ে। নিশা কইনাধৰাত কটোৱাৰৰ পাছত দেওবাৰে গুৱাহাটীৰ পৰা পোনে পোনে দৰঙত উপস্থিত হয় আৰু দৰঙত এখন বিশাল জনসভা সম্বোধন কৰে।
দৰঙত জনসভা সম্বোধন কৰি বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে দৰং মেডিকেল কলেজ, নাৰ্চিং কলেজ আৰু জি এন এম স্কুলৰ মুঠ ৫৬৭ কোটি টকাৰ মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । কুৰুৱা আৰু নাৰেংগীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় ১২০০ কোটি টকাৰ দলঙৰ আধাৰশিলা স্থাপন কৰে। লগতে ৪৫০০কোটি টকা মূল্যৰ এটা লিংক ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, এই লিংক ৰোডে নাৰেংগী-ডিগাৰু-বাইহাটা-কুৰুৱাক সামৰি গুৱাহাটী চিটিখনক এটা আৱৰ্তৰ ভিতৰলৈ লৈ আনিব।
মঙলদৈৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়লৈ ৰাওনা হয়। নুমলীগড়ৰ টেংকাৰ ষ্টেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা। নুমলীগড়ত দেশৰ প্ৰথমটো জৈৱ ইথানল প্ৰকল্পৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নুমলীগড়ত পলী পেপলিন উদ্যোগৰ আধাৰশিলাও কৰিব স্থাপন।
- Log in to post comments