
২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিভিন্ন কাৰ্যসূচী লৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
২৯ আগষ্ট শনিবাৰে নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ২৯ আগষ্টৰ পুৱা উদ্ধোধন কৰিব গুৱাহাটীত নৱ-নিৰ্মিত ৰাজভৱন৷
৩০ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খানাপাৰাত আয়োজিত পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ কৰিব ৷
৩০ আগষ্টৰ বিয়লি ৪:৩০ বজাত কলাক্ষেত্ৰত আয়োজিত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভণিত অংশগ্ৰহণ কৰিব৷
৩০ আগষ্টৰ সন্ধিয়া দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত অৱগত কৰি কয় যে, “২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। ৩০ আগষ্ট পুৱা অমিত শ্বাহে নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পাছত অমিত শ্বাহে এন ডি এৰ পঞ্চায়ত অভিৱৰ্তনত অংশগ্ৰহণ কৰি পঞ্চায়ত প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।”
- Log in to post comments