
হত্যা,হিংসা,ধৰ্ষণে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম। কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে। যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। পুনৰ ৰাজ্যত পাৰিবাৰিক সংঘাতে ল’লে ভয়ংকৰ ৰূপ ।
এইবাৰ তীৰ্থনগৰী হাজোত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। তীৰ্থনগৰী হাজোৰ ভেলামাৰীত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাটো। হাজোৰ ভেলামাৰীত জ্যেষ্ঠ ভাতৃ হাতত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ। মাজনিশা মাতৃ শুই থকা অৱস্থাত কোঠাত তলাবন্ধ কৰি জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে কনিষ্ঠ ভাতৃক ।
জ্যেষ্ঠ ভাতৃ মৃদুল কলিতা নামৰ যুৱকজনৰ হাতত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃ ৰূপম কলিতাৰ বৰ্তমান আৰক্ষীৰ জিম্মাত জ্যেষ্ঠ ভাতৃ মৃদুল কলিতা।
জানিব পৰা মতে,সম্পত্তিৰ বাবে ভাতৃয়ে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত কৰে।
- Log in to post comments