পুনৰ মহানগৰীত গাৰ নোম শিয়ৰি উঠা ঘটনা!

Sensational Incident

হিংসা,হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম। কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে। যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা। মহানগৰীৰ কয়লা গুদামত লোমহৰ্ষক হত্যাকাণ্ড। বশিষ্ঠ চাৰিআলিৰ কয়লা গুদামত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। কোনো দুৰ্বৃত্তই শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ লোকজনক। মৃত লোকজনৰ মুখমণ্ডলকে ধৰি শৰীৰৰ কেইবা ঠাইত আঘাতৰ চিন স্পষ্ট হৈ আছে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ঘটনাস্থলীত উপস্থিত হয় ফৰেণছিকৰ দল আৰু দণ্ডাধীশ। বশিষ্ঠ আৰক্ষীয়ে নিৰীক্ষণ কৰিছে CCTV ভিজুৱেল। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত। কোনে আৰু কিয় লোকজনক হত্যা কৰিলে সেয়াও এতিয়ালকৈ জানিব পৰা হোৱা নাই।।

Category