
শিহৰণকাৰী, ভয়ংকৰ! আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানখনৰ ইঞ্জিন হঠাতে বিকল হৈ পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। শেহতীয়া তথ্য অনুসৰি বিমানখনত আছিল ২৪২গৰাকী লোক।
জানিব পৰা মতে, আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিমানখনত আছিল উত্তৰ-পূবৰ এগৰাকী যুৱতী। কেবিন ক্ৰিউ হিচাপে কৰ্মৰত আছিল মিজোৰামৰ যুৱতীগৰাকী। যুৱতীগৰাকীৰ নাম লামনুনথিয়েম ছিংছন।
উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ বিমানখন আহমেদাবাদৰ পৰা উৰা মাৰি লণ্ডন অভিমুখে ৰাওনা হৈছিল। বিমানখনৰ পিছৰ এটা অংশ সংঘৰ্ষৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
আনহাতে, এই ভয়ংকৰ বিমান দুৰ্ঘটনাত এতিয়ালৈ ৪০জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
দুৰ্ঘটনাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী, গুজৰাটৰ গৃহমন্ত্ৰী আৰু আহমেদাবাদৰ আৰক্ষী আয়ুক্তৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতিৰ তথ্য লাভ কৰে।
- Log in to post comments