
আলফা(স্বাঃ) সন্দৰ্ভত UA(P)Act ট্ৰিবুনেলত চৰকাৰৰ গুৰুত্বপূৰ্ণ তথ্য ।
২০১৯ চনৰ পৰা ২০২৪ চনলৈ এই পাঁচবছৰৰ বিস্তৃত তথ্য দাখিল।
৫৬ জন কেদাৰ গ্ৰেপ্তাৰ, ৬৩ জন কেদাৰে আত্মসমৰ্পন কৰে এই ৫ বছৰত।
আলফা(স্বাঃ)ৰ বিৰুদ্ধে এই পাঁচ বছৰত ১৫ টা গোচৰ পঞ্জীয়ন হৈছিল।
আনহাতে ২৭টা গোচৰত পৰোক্ষ ভাৱে জড়িত আছিল।
৩ জন হাৰ্ডকোৰ আলফা(স্বাঃ) নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছে।
চৰকাৰৰ তথ্যত আলফা(স্বাঃ) বৰ্তমান সদস্য সংখ্যা ২৫০ জনৰ অধিক নহয়।
আলফা(স্বাঃ) ৰ হাতত বিভিন্ন ধৰনৰ ২০০ বিধমান মাৰণাস্ত্ৰ আছে
জন্মলগ্নৰে পৰা বে-আইনী কাৰ্যকলাপ অব্যাহত ৰাখিছে।
স্বাধীনতা দিৱস বৰ্জন আৰু কুটাঘাট অব্যাহত আছে
আলফা(স্বাঃ)ৰ ২৭টা মাৰণাস্ত্ৰ জব্দ হৈছে এই পাঁচবছৰত।
৫১৫ জাই গুলী, ৯ টা গ্ৰেনেডো জব্দ কৰিছে।
আনহাতে, দুটা শক্তিশালী আই ই ডি জব্দ কৰিছিল।
UA(P)Act ট্রিবুনেলে এই তথ্যৰ ভিত্তিত ২০৩০ চনলৈ পুনৰ পাঁচবছৰ আলফা(স্বাঃ)ক নিষিদ্ধ কৰে।
- Log in to post comments