'ৰুবুল শৰ্মা এগৰাকী PSYCO ব্যক্তি আছিল', গ্ৰেপ্তাৰৰ পিছতে ন ন তথ্য ফাদিল...

guwahati

Crime Hotspot লৈ পৰিণত গুৱাহাটী মহানগৰী। পিতৃৰ জিঘাংসাৰ বাবে চিৰকাল লৈ মাতৃহীনা হ'ল দুবছৰীয়া কণমানি। অবৈধ প্ৰেমৰ সন্দেহে কাল হ'ল শ্ৰেয়া ভট্টাচাৰ্য্য শৰ্মাৰ। মুহুৰ্ততে থানবান হৈ পৰিল‌ এটা পৰিয়াল। পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পন ঘাটক স্বামীৰ। 

দেওবাৰে পুৱাই মহানগৰীৰ উলুবাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। স্বামী ৰুবুল শৰ্মাই ৰ'ডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নী শ্ৰেয়া ভট্টাচাৰ্য্যক। এয়া পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি।‌

জানিব পৰা মতে, হত্যাকাৰী ৰুবুল শৰ্মা পেচাত এজন গাড়ী চালক আছিল।  হত্যাকাণ্ড সংঘটিত কৰিয়ে পল্টন বজাৰ আৰক্ষী থানাত সোশৰীৰে গৈ আত্মসমৰ্পন কৰিলে ৰুবুল শৰ্মাই।‌ আৰক্ষীক অৱগত কৰিলে নিজ হাতেৰে পত্নীক হত্যা কৰাৰ কথা।‌ পত্নীৰ নগাঁওৰ হেমন্ত কলিতা নামৰ এজন যুৱকৰ লগত অবৈধ সম্পৰ্ক থকাৰ‌ ধাৰণা কৰিয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা ও অকপতে স্বিকাৰ ৰুবুল শৰ্মাৰ। উলুবাৰীত থকা ভোলানাথ মন্দিৰ পথৰ ফেমিলী কোৰ্টৰ সমিপতে‌ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।
 
উল্লেখ্য যে চাৰি বছৰ পূৰ্বে ৰুবুল শৰ্মাই প্ৰেম বিবাহ সম্পন্ন কৰিছিল শ্ৰেয়াক। দুয়োৰে প্ৰেমৰ চিন স্বৰূপে আছে দুবছৰীয়া এটি কন্যা সন্তান। পৰিয়াল চলোৱাৰ লগতে শ্ৰেয়াই কৰি গৈছিল অধ্যয়ন ।আৰ্য্য মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী আছিল শ্ৰেয়া। ইফালে, আকৌ ৰুবুল শৰ্মাই উত্থাপন কৰা সকলো অভিযোগ নস্যাৎ কৰিছে।

শ্ৰেয়াৰ পৰিয়ালে ৰুবুল শৰ্মাৰ ওপৰত কৰিলে ভয়ংকৰ অভিযোগ 
অভিযোগ নং - ১ 
ৰুবুল শৰ্মা এগৰাকী PSYCO ব্যক্তি বুলিও অভিযোগ পৰিয়ালৰ 
অভিযোগ নং - ২ 
অন্য যুৱকৰ সৈতে সম্পৰ্ক নাই শ্ৰেয়াৰ।
মিছা সন্দেহত হত্যা কৰিলে শ্ৰেয়াক।
অভিযোগ নং ৩ 
মিছা প্ৰলোভনেৰে শ্ৰে‌য়াক‌ কিশোৰী অৱস্থাতে বিয়া কৰাইছিল ৰুবুলে।
অভিযোগ নং ৪ 
ৰুবুলৰ কোনো ইনকামৰ পথ নাই 
শ্ৰেয়াৰ পিতৃ মাতৃয়ে টকা দি পৰিচালনা কৰে ৰুবুলৰ পৰিয়াল 
পুৰ্বেও অকথ্য নিৰ্যাটন চলাইছিল ৰুবুলে শ্ৰেয়াক।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰুবুল শৰ্মাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। শ্ৰেয়া ভট্টাচাৰ্য্যৰ মৃতদেহ ফৰেনচিকৰ সহায়ত পৰীক্ষা কৰাৰ অন্তত মৰণোত্তৰ পৰীক্ষাৰ কাৰনে প্ৰেৰণ কৰে GMCH লৈ।‌ ইতিমধ্যে ঘটনা স্থলীত ৰুবুল শৰ্মাক লগত লৈ হত্যাকাণ্ডৰ SEEN RECREATION কৰিছে আৰক্ষীয়ে। মুঠতে একমাত্ৰ সন্দেহৰ কাৰনে মুহুৰ্ততে নিঠৰুৱা এগৰাকী দুবছৰীয়া কণমানি। থানবান হ'ল এটা পৰিয়াল। 

Category