প্ৰথমে মানুহৰ ঘৰত পূজাৰ চলেৰে ধন সোণ খিনি একলগ কৰি এটা টোপোলা কৰিবলৈ দিয়ে, পূজাৰ শেষ।সেই টোপোলা খোলাত বাধা গৃহস্থক... তাৰ পিছতে ওৰহি গছৰ ওৰ...

CHANDMARI

সাৱধান! কেইবাদিনো ধৰি মহানগৰীত পূজা কৰাৰ চলেৰে কেইটামান ভণ্ড বাবাই চলাই আছে সন্ত্ৰাস। দেওঁবাৰে সন্ধিয়া চানমাৰী আৰক্ষীয়ে আটক কৰিলে ৩টাকৈ ভণ্ড সাধু বাবাক। তিনি ভণ্ড সাধুবাবাই পূজা কৰাৰ চলেৰে গৃহস্থক লুটপাত কৰি লৈ যায় নগদ ধন, সোণৰ আ-অলংকাৰ।

জানিব পৰা মতে, হাৰিয়ানাৰ পৰা অহা সাধু বাবা কেইজন ক্ৰমে ৰাজবীৰ নাথ (বয়স ৪৫), নৰাং নাথ (বয়স ৫৮), লালাৰাম নাথ (বয়স ৩০)য়ে দীৰ্ঘদিন ধৰি মহানগৰীত চলাই আহিছিল এই দুস্কাৰ্য।

উল্লেখ্য যে, এই তিনি ভণ্ড বাবাই প্ৰথমতে মানুহৰ ঘৰত পূজা কৰাৰ চলেৰে যায়। তেওঁলোকৰ ধন সোণ খিনি একলগ কৰি এটা টোপোলা কৰিবলৈ দিয়ে।সেই টোপোলা টোত পূজা কৰিম বুলি কৈ দুদিনলৈ খুলিবলৈ বাধা দিয়ে গৃহস্থক। আৰু যেতিয়াই গৃহস্থ‌ই টোপোলাটো খুলি চাই তেতিয়া টোপোলাটোৰ ভিতৰত একো নাথাকে।অৰ্থাৎ পূজা চলি থকাৰ সময়ত সাধু বাবা কেইজনে টোপোলাটো সলনি কৰি ধন সোণ থকা টোপোলাটো নিজৰ লগত লৈ যায়।

কথাতে কয় নহয় ১০০ গৰু মাৰিলে বাঘৰো মৰণ, সেই একে দশা হ’ল ভণ্ড সাধুবাবা কেইজনৰ লগত। দেওঁবাৰৰ দিনটো তেওঁলোকৰ বাবে আছিল শেষৰ দিন। দেওঁবাৰে কুশল নগৰ ৰাইজে কৰায়ত্ত কৰে ৩টা ভণ্ড বাবাক। তাৰ পিছত চানমাৰি আৰক্ষীৰ হাতত গতাই দিয়ে। ইতিমধ্যে চানমাৰি আৰক্ষীয়ে তিনি ভণ্ড সাধুবাবাক সোধাপোছা অব্যাহত ৰাখিছে। আজি তিনিওকে হাজিৰ কৰোৱাব আদালতত।

Category