ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ নিৰ্বাচনী ফলাফল....

GU

ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ নিৰ্বাচনী ফলাফল
সদ্যঘোষিত ফলাফলত ছাত্ৰমুক্তি পৰিষদৰ উত্থানৰ বিপৰীতে মুখ থেকেচা আছুৰ
নিৰ্বাচনী ফলাফলে কিছু হ’লেও সকাহ দিলে ABVPক
বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ নিৰ্বাচন। এই নিৰ্বাচনত 
১৫টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৩৫ জন প্ৰাৰ্থীয়ে
২,৪৮৩ জন ভোটাৰে নিৰ্ণয় কৰিলে ১৫ প্ৰাৰ্থীৰ ভাগ্য


গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬০.৭৮ শতাংশ। বৃহস্পতিবাৰৰ পৰাই বেলট বাকচত আৱদ্ধ আছিল প্ৰাৰ্থীসকলৰ ভাগ্য। শুকুৰবাৰে ভোটগণনাৰ অন্তত ৫৭৩টা ভোটৰ ব্যৱধানত 

সভাপতি হিচাপে নিৰ্বাচিত ABVPৰ প্ৰাৰ্থী অংকুৰজ্যোতি ভৰালী
উপ সভাপতি পদত নিৰ্বাচিত আছুৰ প্ৰাৰ্থী উদিপ্ত বায়ন
সাহিত্য সম্পাদক হিচাপে নিৰ্বাচিত প্ৰাণজিত কোঁচ
সংগীত সম্পাদক হিচাপে নিৰ্বাচিত নিবেদিতা কলিতা
সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত বন্দিতা ডেকা
তৰ্ক বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত মিণ্টু ডেকা
ক্ৰীড়া(গুৰু) বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত দ্বীপজ্যোতি শৰ্মা
ক্ৰীড়া(লঘু) বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত উজ্জ্বল কলিতা
ক্ৰীড়া সম্পাদক হিচাপে নিৰ্বাচিত ৰোচন কুমাৰ চাহু
ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক হিচাপে নিৰ্বাচিত বিৰোদ বড়ো
ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা হিচাপে নিৰ্বাচিত অনিন্দিতা শিভম
ব্যায়ামগাৰ সম্পাদক হিচাপে নিৰ্বাচিত প্ৰিয়াংক বৰ্মন
সমাজ কল্যাণ সম্পাদক হিচাপে নিৰ্বাচিত দ্বীপজ্যোতি চহৰীয়া


ইফালে ছাত্ৰী জিৰণি কোঠাৰ পদৰ কাৰণে অনুষ্ঠিত হ’ল পুনৰ ভোটগণনা। ছাত্ৰী জিৰণি কোঠাৰ পদত প্ৰতিদ্বন্দ্বিতা কৰা অনিন্দিতা শিভমে জয়লাভ কৰিলে যদিও নিকটতম প্ৰতিদ্বন্দ্বী প্ৰিয়ংকা হাজৰিকাৰ লগত ভোটৰ ব্যৱধান আছিল মাত্ৰ ৩টাহে। 
 

Category