এগৰাকী শিক্ষিতা মুছলমান যুৱতীয়ে কিয় গ্ৰহণ কৰিলে সনাতন ধৰ্ম? সবিশেষ জানো আহক....

hindu

নগাঁও চহৰৰ শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰত এগৰাকী উচ্চশিক্ষিতা ইছলাম ধৰ্মালম্বী যুৱতীয়ে গ্ৰহণ কৰিলে সনাতন ধৰ্ম। কামৰূপ জিলাৰ ৰঙিয়াৰ ৰেজিনা বেগম নামৰ যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু সনাতন ধৰ্ম। ধৰ্মীয় ৰীতি-নীতিৰে ৰঙিয়াৰ ৰেজিনা বেগম হ’ল অনন্যা দেউৰী। 

hindu

জানিব পৰা মতে, ৰেজিনা বেগম আভিযান্ত্ৰিকৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ ওচৰত সোমবাৰে শৰণ লৈ সনাতন ধৰ্ম গ্ৰহণ কৰা যুৱতীগৰাকীয়ে বহু দিনৰে পৰা সনাতনী সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈছিল বুলি মন্তব্য কৰে।

hindu

উল্লেখ্য যে, জখলাবন্ধা সত্ৰখনৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ তত্বাৱধানত পুৰোহিতৰ পুজা ,অৰ্চনা ,হোম আদিৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱ গুৰুৰ ধৰ্ম দৰ্শনত শৰণ গ্ৰহণ কৰি যুৱতী গৰাকীয়ে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। যুৱতী গৰাকীৰ আবেদনৰ ভিত্তিত সত্ৰাধিকাৰ গোস্বামীয়ে তেওঁক ধৰ্মান্তৰগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

Category