‘আমাৰ ঘৰলৈ আহোতে চুমিয়ে কান্দি আছিল’, ‘বিশালক লৈ অতি চিন্তিত আছিল চুমি’ মন্তব্য কণ্ঠশিল্পী দীক্ষুৰ....

dikshu sumi

আশ্ৰয়ৰ বাবে কিয় দীক্ষুৰ ঘৰ বাচি লৈছিল চুমি বৰাই?
কিয় সঘনে দীক্ষুৰ ঘৰলৈ অহা-যোৱা চুমিৰ?
কেতিয়া বিশাল ফুকন আহিছিল দীক্ষুৰ ঘৰলৈ?


দীক্ষু শৰ্মাৰ ঘৰতে লুকাই আছিল চুমি বৰা। কণ্ঠশিল্পী দীক্ষুৰ বাসগৃহত দেওবাৰে দুপৰীয়াৰ পৰা নিশা ৯ বজালৈকে পলাই আছিল চুমি বৰা।

এই কথা নিজে প্ৰকাশ কৰি কণ্ঠশিল্পী দীক্ষুৱে ক’লে ‘সোমবাৰে স্বামী তাৰ্কিকৰ সৈতে আমাৰ ঘৰলৈ আহিছিল চুমি’, ‘পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পৰামৰ্শ মই দিছিলো’, ‘আমাৰ ঘৰত থাকোতে আৰক্ষীৰ ফোন আহিছিল তাৰ্কিকলৈ’। 

চুমি–তাৰ্কিক আশ্ৰয় দি অনুতপ্ত দীক্ষু আৰু পত্নী। মুখ খুলিছে কণ্ঠশিল্পী দীক্ষুৰ পত্নীয়েও। ‘আমাৰ ঘৰলৈ আহোতে চুমিয়ে কান্দি আছিল’। ‘বাৰে বাৰে বিশালৰ কথা কৈ আছিল চুমিয়ে’, ‘বিশাল ফুকনক লৈ অতি চিন্তিত আছিল চুমি’, ‘কান্দি থকা চুমিক স্বামী তাৰ্কিকে বুজাইছিল’।

BYTEআনফালে বিশাল ফুকনৰ সন্দৰ্ভতো মন্তব্য গায়ক দীক্ষু। ‘বিশাল ফুকনো আহিছিল আমাৰ ঘৰলৈ’, ‘২০২২ চনত চুমিয়ে চিনাকী কৰি দিছিল বিশালৰ সৈতে’

ইমানেই নহয়, ছলনাময়ী চুমিৰ সন্দৰ্ভত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। স্বামী তাৰ্কিক বৰাৰ জৰিয়তে বিনিয়োগ কৰিছিল চেয়াৰ মাৰ্কেটত। উজনি অসমত কেইবাখনো চাহবাগান ক্ৰয় কৰাৰ তথ্য আৰক্ষীৰ। পোহৰলৈ তাৰ্কিক বৰাৰ দীঘলীয়া সম্পত্তিৰ তালিকা  পেছাত ফটোগ্ৰাফাৰ তাৰ্কিকৰ সম্পত্তিৰ তালিকা দেখি হতবাক আৰক্ষী।

ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পত্নীৰ ব্যক্তিগত ফটোগ্ৰাফাৰ হোৱাৰ সুবাদতেই দীঘলীয়া সম্পত্তি গঢ়াৰ অভিযোগ। শীঘ্ৰে তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা তাৰ্কিক আৰু চুমিক সংগ দিয়া আন এটা বৃহৎ চক্ৰ। হয়তো তদন্তৰ আওতালৈ আহিব পাৰে কণ্ঠশিল্পী দীক্ষুও। 
 

Category