প্ৰসংগঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনা। এই নিৰ্লজ, নিকৃষ্ট ঘটনাৰ বাবে পশ্চিমবংগৰ লগতে সমগ্ৰ দেশবাসী উত্তাল হৈ পৰিছে। দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী চিকিৎসকসকলৰ। ইয়াৰ পৰিপেক্ষিততে ২৪ঘন্টাৰ কৰ্মবিৰতি ঘোষণা কৰিছে চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ভাৰতীয় চিকিৎসা সংস্থাই।
উল্লেখ্য যে, শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি ঘোষণা কৰিলে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে। ।লগতে তেওঁলোকে জনায় যে, এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটী ৱার্ডসমূহ খোলা ৰখা হ'ব। ইয়াৰোপৰি এই সময়ছোৱাত বহিঃবিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এৰ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয়।
ঘটনাৰ বিৱৰণ অনুসৰি, ৯ আগষ্টৰ নিশা চিকিৎসকগৰাকীয়ে নৈশ ডিউটিত থাকোতেই ঘটিছিল অঘটন। নিশা আহাৰ গ্ৰহণ কৰি কনিষ্ঠ চিকিৎসকৰ সৈতে চেমিনাৰ হ’ললৈ গৈছিল চিকিৎসকগৰাকী। আৰু পুৱা উদ্ধাৰ হৈছিল চিকিৎসকগৰাকীৰ ক্ষত–বিক্ষত মৃতদেহ। ৩১ বছৰীয়া যুৱতীগৰাকীক গুপ্তাংগ, চকু আৰু মুখৰ পৰা ৰক্তক্ষৰণ হোৱা তথ্য লাভ কৰিছিল প’ষ্টম’ৰ্টেমত।
এই ঘটনাৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে SIT গঠন কৰিছে যদিও পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্বভাৰ অৰ্পণ কৰা হয় CBIক। এই জঘন্য ঘটনাক লৈ পশ্চিমবংগত উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। দেশজুৰি প্ৰতিবাদ-আন্দোলনত নামিছে বিভিন্ন চৰকাৰী হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকল।
- Log in to post comments