ছেপ্টেম্বৰৰ পাছতহে ৰদ-বদল হ'ব মন্ত্ৰীসভাৰ.....

Himanta Biswa Sarma

মন্ত্ৰীসভাৰ ৰদ-বদলক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যসভা, বিধানসভাৰ উপ-নিৰ্বাচনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৰদ-বদল হ'ব। "উপ-নিৰ্বাচনৰ গতি-মতি চাই লওঁ, ইয়াৰ পাছত পতকৈ এদিন মাতি দিম, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈ যাব।"- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। 

ৰাজ্যসভা আৰু বিধানসভাৰ পাচঁ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সদ্যহতে ব্যস্ত হৈ আছে।  মুখ্যমন্ত্ৰী ডাঙৰীয়াই ১৫ আগষ্টৰ আশে পাশে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছিল। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ লগতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছিল। 

কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰামৰ্শ মৰ্মে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ সিদ্ধান্ত সলনি কৰি বিধানসভা পঞ্চায়ত তথা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ পাছতহে মন্ত্ৰীসভাৰ ৰদ-বদলৰ সিদ্ধান্ত লয়। সেয়েহে ছেপ্টেম্বৰৰ পাছতহে মন্ত্ৰীসভাৰ ৰদ-বদল হোৱাৰ সম্ভাৱনা অধিক। 

Category