৩৮ ঘণ্টা পাৰ হৈ গ’ল, তথাপি সন্ধান পোৱা নগ'ল ৮ বছৰীয়া অবিনাশৰ......

abinash sarkar

৩৮ ঘণ্টা পাৰ হৈ গ’ল। সকলো শেষ হ’লেও এতিয়াও নেদেখাজনৰ ওপৰত ভৰসা কৰি হেৰুৱা পুত্ৰক বিচাৰি নলাই নলাই অভিযান চলাইছেপিতৃয়ে। যি হাতেৰে হাতত ধৰি খোজ কাঢ়িবলৈ শিকাইছিল, সেই হাতেৰে এডাল লোহা লৈ নলাই নলাই বিচাৰি আছে পুত্ৰ অবিনাশক। ওৰে নিশা এটা আঠুৱাৰ তলতে উজাগৰি নিশা কটাইছে অবিনাশৰ পিতৃয়ে। টোপনি নাই, ভাগৰ নাই। মাথো বিচাৰি আছে হেৰুৱা সন্তানক। 

শুকুৰবাৰে ঘটনাস্থলীতে উদ্ধাৰ হৈছিল অবিনাশৰ এপাত চেণ্ডেল। তাৰপাছত সকলোৱে আশা কৰিছিল সেই স্থানতে হয়তো বিচাৰি পোৱা যাব অবিনাশক। বহু নিশালৈকে অভিযান চলাৰ পিছতো সন্ধান নোলাল। এতিয়া এই দুৰ্ভগীয়া পিতৃগৰাকীক বুজাব কোনে? আৰু কিমান অবিনাশে প্ৰাণ হেৰুৱাব গুৱাহাটীৰ উন্মুক্ত নলাত? 

আজিও চলি আছে অভিযান। NDRFৰ সহযোগত চলোৱা হৈছে উদ্ধাৰ কাৰ্য। কিন্তু এতিয়াও সন্ধান নাই অবিনাশ সৰকাৰ নামৰ এই মৰমলগা ৮ বছৰীয়া শিশুটিৰ। এই ঘটনাই এগৰাকী পিতৃ বা এগৰাকী পৰিয়ালক নিঃশেষ কৰা নাই, এই ঘটনাই উদঙাইছে প্ৰশাসন যন্ত্ৰৰ এখন ব্যৰ্থ ছবি। আৰু কিমান দিনলৈ প্ৰতিবছৰে গুৱাহাটৰ কৃত্ৰিম বান বা উন্মুক্ত নলাত পৰি মৃত্যু হয় নিৰীহৰ? উন্মুক্ত নলা মানেই যেন এতিয়া মৃত্যুৰ কিৰীলি।

Category