সমাগত অম্বুবাচী মেলা! হিন্দু ধৰ্মত অম্বুবাচী মেলাৰ মহত্ব অধিক কিয়? সেই বিষয়ে জানো আহক......

ambubachi mela

অহা ২২ জুনৰ পৰা আৰম্ভ অম্বুবাচী মেলা। ইতিমধ্যেই অম্বুবাচী মেলাক লৈ জিলা প্ৰসাশনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। লগতে বিভিন্ন ঠাইৰ পৰা ভক্তসকলেও নীলাচল পাহাৰলৈ অহা আৰম্ভ কৰিছে। হিন্দু ধৰ্মাম্বলী লোকসকলৰ মাজত অম্বুবাচী মেলাৰ মহত্ব অধিক কিয়? সেই বিষয়ে জানো আহক -

অম্বুবাচী মেলা হৈছে উত্তৰ-পূব ভাৰতৰ সর্ববৃহৎ সমাৰোহ। কামাখ্যা মন্দিৰৰ ই এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। প্ৰতিবছৰৰ জুন মাহত অম্বুবাচী মেলাৰ উদযাপন কৰা হয়।

অম্বুবাচী মেলা হৈছে কঠোৰ ধৰ্মীয় ৰীতি-নীতি, শক্তিমূলক কাৰ্য্য-কলাপৰে উদযাপন কৰা এক উত্সৱ। কামাখ্যাই মাঁ প্ৰথা, দেৱী শক্তিক সূচাই বুলি বিশ্বাস কৰা হয়। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত মা ধৰিত্ৰী ঋতুমতী হয় আৰু এই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে।

kamakhya

অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয়৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয়। লগতে, বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মিণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে

এইদৰেই অম্বুবাচীৰ এক স্বকীয়তা আছে, কৃষি-সমাজ আৰু ধৰ্মীয় আদৰ্শৰ গঠনমূলক প্ৰভাৱে এই পৰিঘটনা বাস্তৱ হোৱাৰ ক্ষেত্ৰত অৰিহনা যোগাইছে। এইদৰে ধৰ্মীয় পন্থীয়ে সহাঁৰি জনোৱা এই এক প্ৰতিকী স্বৰূপতান্ত্ৰীক সাধনাৰ ক্ষেত্ৰত কামাখ্যা এক অপ্ৰতিদণ্ডি কেন্দ্ৰ স্বৰূপো। ইয়াত এক তান্ত্ৰীক সমাজো আছে যি তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰাজেশ্বৰী পূজাও উদযাপন কৰে। তেওঁলোকৰ সকলো কাৰ্য্য গোপনীয় ভাৱে কৰা হয় কেৱল ইয়াৰ আৰম্ভণিৰ বাহিৰে। এই প্ৰথাৰ কোনো বাহ্যিক প্ৰদৰ্শন কৰা নহয়।

Category