আনুষ্ঠানিকভাৱে স্বীকৃতি পালে ‘নিযুক্তি মইনা’ আঁচনিয়ে! কেতিয়াৰ পৰা, কেনেকৈ লাভ কৰিব 'মইনা' আঁচনিৰ সুবিধা?....

moina asoni

কেবিনেট বৈঠকৰ অন্তত আজি জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল। এই সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ইয়াৰ সমান্তৰাল কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে ‘নিযুক্তি মইনা’ আঁচনি। এতিয়াৰে পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে হাত খৰচৰ বাবদ প্ৰতিমাহে লাভ কৰিব ‘নিযুক্তি মইনা’ আঁচনিৰ ধন।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ 'নিযুত মইনা আঁচনি'ৰ আৰম্ভণি কৰিবলৈ কেবিনেটৰ অনুমোদন । দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰীয়ে প্ৰতি মাহে ১০০০ টকাকৈ লাভ কৰিব। স্নাতক অধ্যয়নৰত ছাত্ৰীয়ে ১২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে ২৫০০ টকাকৈ লাভ কৰিব। প্ৰতিমাহৰ ১১ তাৰিখে বেংক একাউণ্টত সোমাব এই ধন। ১০ লাখ ছোৱালীয়ে পাব নিযুত মইনাৰ আঁচনিৰ ধন।

লগতে, মন কৰিব লগীয়া কথাটো হৈছে, সাংসদ, বিধায়কৰ ছাত্ৰীয়ে নাপাব 'নিযুত মইনা আঁচনি'ৰ সুবিধা। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত মাচুল দি পঢ়া ছাত্ৰীয়েও নাপাব এই সুবিধা। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। 

আনহাতে, স্নাতকোত্তৰ পৰ্যায়ৰ বাদে স্নাতক আৰু দশম উত্তীৰ্ণ ছাত্ৰীৰ ক্ষেত্ৰত 'নিযুত মইনা আঁচনি'ৰ হিতাধিকাৰী হ'ব নোৱাৰিব বিৱাহিত। বাল্য বিৱাহ ৰোধৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। লগতে, ৰেগিং, অনিয়মীয়া পাঠদান, ড্ৰপ আউট হ’লে নাপাব আঁচনি। 

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ স্কুটাৰ পোৱা ছাত্ৰী অন্তৰ্ভুক্ত নহ'ব 'নিযুত মইনা আঁচনি'ৰ অধীনত। দুখন আঁচনি একেলগে নাপাব ছাত্ৰীয়ে। অৱশ্যে স্কুটাৰ নলৈ ল'ব পাৰিব আঁচনিৰ সুবিধা। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

১১ অক্টোবৰৰ এই আঁচনিৰ ধন দিয়া হ’ব। এই আঁচনিৰ বাবে ৩০০ কোটি টকা খৰচ কৰা হ’ব। আগন্তক ৫ বছৰলৈ এই আঁচনিৰ ধন ১৫০০ কোটি টকা হ’ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ’ব। জুলাইত কলেজসমূহলৈ প্ৰেৰণ কৰা হ’ব প্ৰ-পত্ৰ।

Category