মহানগৰীবাসীৰ বাবে সুখবৰ! এতিয়াৰে পৰা মহানগৰীৰ প্ৰতিটো ৱাৰ্ডতে সমাধান হ'ব যান-বাহন বিষয়ক সমস্যাসমূহ.....

assam

গুৱাহাটীত জিলা পৰিবহণ বিভাগৰ উদ্যোগত বিশেষ জনসেৱা কাৰ্যসূচী।
মহানগৰীখনত প্ৰতিটো ৱাৰ্ডৰ যান-বাহন বিষয়ক সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধানৰ উদেশ্য অনুষ্ঠিত এই কাৰ্যসূচী।
তৰুণ নগৰ পূজা মণ্ডপত বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভণি অনুষ্ঠানটিৰ।

ghy


যান-বাহন বিষয়ক সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত নিৰন্তৰভাৱে সহযোগ আগবঢ়াৱ জিলা পৰিবহণ বিভাগে।
অনুষ্ঠানটি আয়োজনস্থলীত কেইবাজনো লোকৰ পৰিবহণ সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰা হয়।
অনুষ্ঠানটিৰ লগত সঙ্গতি ৰাখি পথ সুৰক্ষাৰ ওপৰত প্ৰদৰ্শন কৰা হয় মুকাভিনয়ও।
আগন্তুক সময়চোৱাত এই কাৰ্যসূচীৰ অধীনত গুৱাহাটী মহানগৰীৰ ৬০ ওটা ৱাৰ্ডকে সামৰি লোৱা হব বুলি ঘোষণা জিলা পৰিবহণ বিভাগৰ।

ghy


ৰাইজে পৰিবহণৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হ'লে 9577992153, 8822755738, 8011333013 আৰু 9127206803 হেল্প লাইন নম্বৰ কেইটিত অভিযোগ উত্থাপন কৰিব পাৰিব।
অনুষ্ঠানটিত উপস্থিত আছিল জিলা পৰিবহণ বিষয়া গৌতম দাস,উপ মেয়ৰ স্মৃতা ৰয়ৰ।

Category